দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ইভিএমেই সাৰথি !

ইভিএমেই সাৰথি !

নিৰ্বাচনী আয়োগে শীঘ্ৰেই ঘোষণা কৰিব দিন

গুৱাহাটী,২০জানুৱাৰী : আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ভ্ৰমণলৈ অহা নিৰ্বাচন আয়োগৰ দলটোৱে আজি তিনিদিনীয়া ভ্ৰমণৰ অন্ত পেলাই পশ্চিম বংগলৈ ৰাওনা হোৱাৰ প্ৰাকমূহুৰ্তত এক সংবাদমেল সম্বোধন কৰে ৷ বিগত দুদিনত দলটোৱে ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ নেতৃত্বৰ লগত বৈঠকত মিলিত হয় ৷ দলটোৱে গুৱাহাটী এৰি যোৱাৰ আগতে হোটেল ৰেডিছন ব্লুত সম্বোধন কৰা সংবাদমেলত মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই কয় “ পৰীক্ষাৰ সময়সূচীত বাধা নোহোৱাকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব ৷

১হাজাৰ ভোটাৰ বাঢ়িলে নতুন ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ সকলো ভোটগ্ৰহণ কেন্দ্ৰ তলৰ মহলত অৰ্থাৎ ভূমি মহলাত স্থাপন কৰা হ’ব ৷ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা থাকিব লাগিব সকলো ভোট গ্ৰহণ কেন্দ্ৰত৷”কোনে ভোট দিব পাৰিব,কোনে নোৱাৰিব সেই বিষয়টোত সন্দেহ আঁতৰাই তেওঁ কয়“ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নাথাকিলেও ভোট দান কৰিব পাৰিব ৷ অৱশ্যে সকলো ভোটাৰৰে ভোটাৰ তালিকাত নাম থাকিব লাগিব ৷

এইবাৰ ভোটগ্ৰহণৰ বাবে এঘণ্টা সময় বৃদ্ধি কৰা হ’ব ৷ ”নিৰ্বাচনী ব্যয় কঠোৰ ভাৱে পৰ্যবেক্ষণ কৰিব নিৰ্বাচনী আয়োগে ৷ নিৰ্বাচনী সভা তথা শোভাযাত্ৰা অনুষ্ঠিত কৰাত বাধা নাই ৷ ইভিএমৰ জৰিয়তেই হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সকলো দলেই যিহেতু  নিৰ্বাচন বিহুৰ আগতে আৰু তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱাটো বিচাৰিছে গতিকে সকলো বিষয় চালিজাৰি চাইহে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ লগতে জানিবলৈ দিয়ে ৷