সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / টয়লেটৰ হিচাপ দিয়া বন্ধ কৰক !

টয়লেটৰ হিচাপ দিয়া বন্ধ কৰক !

প্ৰকৃত ছবিখন উপলব্ধি কৰাৰ আহ্বান চিদাম্বৰমৰ

নতুন দিল্লী,২০জানুৱাৰী : কালি গুজৰাটৰ চুৰাটত শুই থকা অৱস্থাত দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ১৫ জন শ্ৰমিকৰ বিষয়টো উল্লেখ কৰি আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমেে কয় “প্ৰধানমন্ত্ৰী মোডীয়ে কিমানটা টয়লেট দিলে,সেই হিচাপ দি ফুৰাতকৈ,চৰকাৰী বিষয়াৰ তথ্য লৈ নিজে নিজক জহাই ফুৰাতকৈ সাধাৰণ জনতাৰ প্ৰকৃত অৱস্থা বুজিবলৈ চেষ্টা কৰক!কেনেকুৱা পৰিস্থিতিত শ্ৰমিকে কাম কৰিবলগীয়া হৈছে,সেইয়া ভাবি চাওক,উপলব্ধি কৰক!পদপথত শ্ৰমিক শুবলগীয়া পৰিস্থিতিয়ে দেশৰ কেনেকুৱা পৰিবৰ্তন সূচাইছে ? বৰ্তমান শ্ৰমিক ক’ত শুৱে,ক’ত খায়,ক’ত প্ৰাতঃকৰ্ম কৰে ? সৰু শিশুৱেও পদপথত শুবলগীয়া পৰিস্থিতি হৈছে ৷ কিয় কোম্পানীয়ে তেওঁলোকৰ শ্ৰমিকক সুবন্দৱস্ত কৰি দিব পৰা নাই ? ”উল্লেখযোগ্য যে কুঁহিয়াৰ উদ্যোগত কৰ্মৰত এই শ্ৰমিকসকলে নিশা পদপথত শুই থকা অৱস্থাত নিয়ন্ত্ৰণহীন এখন ডাম্পাৰেে মহটিয়াই নিয়াৰ ফলত উক্ত মৰ্মান্তিক ঘটনা সংঘটিত হয় ৷