শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মমতাৰ ‘মোহ’ এৰি আকৌ এজন গ’ল

মমতাৰ ‘মোহ’ এৰি আকৌ এজন গ’ল

তৃণমূলক 'চফা' কৰি দিব বোলে

কলকাতা,২০ জানুৱাৰী : পশ্চিম বংগৰ নাডিয়াৰ শান্তিপুৰ সমষ্টিৰ বিধায়ক অৰিন্দম ভট্টাচাৰ্যই আজি তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷ আজি পুৱা তেওঁ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা পশ্চিম বংগৰ দায়িত্বত থকা নেতা কৈলাস বিজয়ভাৰ্গিয়াক সাক্ষাৎ কৰে আৰু আবেলিলৈ দলৰ মুখ্য কাৰ্যালয়ত দলটোত যোগদান কৰে৷যোগদান কৰাৰ পিছতেই অৰিন্দম ভট্টাচাৰ্যই কয় “ মই কংগ্ৰেছ দলৰ হৈ বিগত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু পিছত মই তৃণমূল কংগ্ৰেছত যোগদান কৰিছিলোঁ ৷

কিন্তু দলটোৰ নেতৃত্বত ৰাজ্যখনত কোনো উন্নয়ন নহ’ল ৷ সেয়ে মই পুনৰ বিজেপি দলত যোগদান কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিলোঁ ৷ ”আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে কয় “ আমাৰ লক্ষ্য হ’ল তৃণমূল কংগ্ৰেছক ৰাজ্যৰ ৰাজনীতিৰ পৰা সম্পূৰ্ণভাৱে বিদায় দিয়া ৷ ”