শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এইবাৰ পৰাক্ৰম দিৱসত মোডী

এইবাৰ পৰাক্ৰম দিৱসত মোডী

দেশপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ কৰাৰ বাবে নাম সলনি

কলকাতা,২১ জানুৱাৰী : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কলকাতাৰ ভিক্টৰীয়া মেম’ৰিয়েলত ২৩ জানুৱাৰীত ১২৫ সংখ্যক সুভাষ বসুৰ জন্ম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ বিজেপিৰ ৰাজ্যিক সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানক এইবাৰৰ পৰা ‘পৰাক্ৰম দিৱস’ হিচাপে নামাকৰণ কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে অলপতে এই ঘোষণা কৰে ৷ নৱপ্ৰজন্মক তেওঁৰ দেশপ্ৰেমৰ মনোভাৱৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈকে এই পন্থা গ্ৰহণ কৰা হৈছে ৷ কলকাতাত এই উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী অসমৰ শিবসাগৰলৈ আহিব আৰু ঐতিহাসিক জেৰেঙা পথাৰত এক ৰাজহুৱা সভাত উপস্থিত হৈ এক লাখ খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰিব ৷