সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Top Stories  / ছিৰামৰ গেটত জুই,৫ জনৰ মৃত্যু

ছিৰামৰ গেটত জুই,৫ জনৰ মৃত্যু

কোনোধৰণৰ যতি পৰা নাই উৎপাদনত

নতুন দিল্লী,২১জানুৱাৰী : ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াৰ টাৰ্মিনেল ওৱান গেটত আজি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ অৱশ্যে এই  অগ্নিকাণ্ডত কোনোধৰণৰ বৃহৎ ক্ষতি হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰিল উক্ত প্ৰতিষ্ঠানটো ৷ এই অগ্নিকাণ্ডই অৱশ্যে ক’ভিড ভেকচিন উৎপাদনৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰিলে যদিও অগ্নিকাণ্ডত পাঁচ জন লোকৰ মৃত্যু হৈছে ৷ কোম্পানীটোৱে প্ৰতি সপ্তাহতে ইয়াৰ উৎপাদন বৃদ্ধি কৰি আহিছে আৰু আগন্তুক দিনত ৩.২ বিলিয়ন ভেকচিন উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে ৷ উল্লেখযোগ্য যে ছিৰাম ইনষ্টিটিউটৰ কভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা কভাক্সিন প্ৰদানৰ কাৰ্যসূচী ইতিমধ্যে সমগ্ৰ দেশতে আৰম্ভ হৈছে ৷