মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / জ্বলাকলা নাখায় আৰু !

জ্বলাকলা নাখায় আৰু !

নগাঁৱত মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ অভিৱৰ্তন

নগাঁও,২১ জানুৱাৰীঃ মাইক্ৰ’ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ অবিভক্ত নগাঁও জিলা সমিতিৰ আহ্বানত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা,কৃষক গৰীৱ ন্যায় সন্থা,ধিং দুৰ্নীতি বিৰোধী সন্থাৰ সহযোগত নগাঁও জিলাৰ চমুৱাগাওঁস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত আজি ঋণগ্ৰস্ত কৃষিজীৱী আৰু শ্ৰমজীৱী মহিলাৰ এখন অভিবৰ্তন অনুষ্ঠিত হয় । অভিবৰ্তনৰ মূল উদ্যোক্তা তথা যৌথ সংগ্ৰামী মঞ্চৰ সম্পাদিকা আয়েফা বেগমে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ,অভিবৰ্তনত মূলতঃ মাইক্ৰ’ফাইনেন্সকে ধৰি সকলো ক্ষুদ্ৰ ঋণ মাফ কৰা, তিনিখনকৈ কৃষক বিৰোধী কৃষি আইন বাতিল কৰা আৰু বিদ্যুৎ বিল ২০২০ বাতিল কৰা এই তিনিটা দাবীৰ সম্পৰ্কত আলোচনা হয় ।

নেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জনায় যে মাইক্ৰ’ফাইনেন্স ২০২০ বিধেয়কখন হৈছে বিগত সময়ছোৱাত মাইক্ৰ’ফাইনেন্সৰ শোষণ আৰু বঞ্চনাৰ বলি হোৱা মহিলা সকল আৰু গ্ৰামাঞ্চলত যোৱা প্ৰায় এটা বছৰে মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে গঢ়ি তোলা প্ৰতিৰোধ আন্দোলনৰহে ফল । আনহাতে, অভিৱৰ্তনত উপস্থিত থকা গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে ,মাইক্ৰ’ফাইনেন্সৰ অত্যাচাৰত ঘৰ এৰি পলায়ন কৰা,ঋণৰ কবলত পৰি আত্মহত্যা কৰা সকলৰ পুনৰ সংস্থাপন আৰু ক্ষতি পূৰণৰ ক্ষেত্ৰত চৰকাৰ নিমাত। মহন্তই ২০২১-২০২২ চনৰ বিত্তীয় বৰ্ষৰ পৰা মাইক্ৰ’ফাইনেন্সৰ কোম্পানী সমূহৰ ঋণৰ সুদ বছৰত ১০ টকাৰ সৰ্বাধিক নোহোৱাৰ প্ৰস্তাৱ আগন্তুক বিধানসভাত গ্ৰহণ কৰাৰ লগতে তিনিখনকৈ কৃষক বিৰোধী আইন অসমত ৰূপায়ণ নকৰা আৰু বিদ্যুৎ বিল ২০২০ বাতিল কৰাৰ প্ৰস্তাৱ আগন্তুক বিধানসভাত গ্ৰহণ কৰিব লাগে বুলিও দাবী জনায় ।

অভিবৰ্তনত অংশগ্ৰহণ কৰি কুজিডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মৃদুপবন বৰাই কয় যে, বৰ্তমান কেন্দ্ৰ আৰু অসমৰ বিজেপি শাসনাধিষ্ঠিত চৰকাৰ দুখনে দেশী-বিদেশী বৃহৎ পুঁজিপতি ,উদ্যোগ পতিৰ স্বাৰ্থত দেশ তথা ৰাজ্য খনক সম্পূৰ্ণৰূপে তেওঁ লোকৰ ওচৰত বন্ধকত দিয়া নীতি তথা সিদ্ধান্ত গ্ৰহণ কৰি আছে । আনহাতে চৰকাৰ গঠন কৰা মূল শক্তি দৰিদ্ৰ কৃষিজীৱি জনগণৰ পেটত গামোচা বান্ধি ডিঙিত চেপামাৰি ধৰা কাৰ্য সম্পাদন কৰিছে । ইয়াৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজক ঐক্য বদ্ধ তথা সংগঠিত হৈ যুঁজ দিবলৈ তেওঁ আহ্বান জনায় । অভিবৰ্তনখন পৰিচালনা কৰে ক্ৰমে ,জোনামনি বৰদলৈ , পৰী কুমাৰী বৰুৱা , মীনু দেৱী , সৰুফুল বৰাই । অভিবৰ্তনত প্ৰায় পাঁচ শতাধিক মহিলাই অংশগ্ৰহণ কৰে। অভিবৰ্তনে ঋণ মুক্তি ,তিনিখনকৈ কৃষি বিল বাতিল, ২০২০ বিদ্যুৎ বিল প্ৰত্যাহাৰৰ দাবীত অঞ্চলে অঞ্চলে প্ৰচাৰ আৰু আন্দোলন গঢ়ি তোলাৰ লগতে গ্ৰামাঞ্চলত মাইক্ৰ’ফাইনেন্সৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে ৷