সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নিজক নিচিনিলে ভগনীয়া হ’ব !

নিজক নিচিনিলে ভগনীয়া হ’ব !

নিজৰ সংস্কৃতি প্ৰথম শিকক,পিছত বেলেগৰ,এই প্ৰচেষ্টা এখন শিক্ষানুষ্ঠানৰ

চৰাইদেউ, ২১ জানুৱাৰী : বিশ্বত ত্ৰাস সৃষ্টি কৰা কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰ জনজীৱনত ব্যাপক প্ৰভাৱ পৰাৰ লগতে স্তব্ধ হৈ পৰিছিল শিক্ষানুষ্ঠান সমূহ। মহামাৰীৰ প্ৰাদুৰ্ভাব কিছু শাম কটাত শেহতীয়াকৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰি দিয়া হৈছে। তেনে সময়তে সোণাৰিৰ বেঙেনাবাৰী জাতীয় বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ।  ”কলিত নামেই শ্ৰেষ্ঠ”  এই ভক্তি বাণীক সৰোগত কৰি অনুষ্ঠিত কৰিলে বিদ্যালয় খনৰ  অষ্টাদশ বৰ্ষপূৰ্তি অনুষ্ঠান। অসমীয়া সংস্কৃতিৰ বুনিয়াদ গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত অংকীয়া ভাওনা “দ্বাৰকাপতি শ্ৰীকৃষ্ণ” ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় অষ্টাদশ বৰ্ষপূৰ্তি অনুষ্ঠানত।

অসমীয়া সংস্কৃতিক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে স্থানীয় ৰাইজৰ মাজত ভক্তিমাৰ্গৰ ধাৰা বোৱাই তোলাৰ মানসেৰে বেঙেনাবাৰী জাতীয় বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিলে এই পদক্ষেপ।মন কৰিবলগীয়া বিষয় এইয়ে যে যিটো সময়ত উঠি অহা প্ৰজন্মৰ ছাত্ৰছাত্ৰীয়ে পাশ্চাত্য সংস্কৃতিৰ প্ৰতি অত্যধিক আকৰ্ষিত হৈ আহিছে , সেই সময়তে চৰাইদেউৰ এক ব্যক্তিগত শিক্ষানুষ্ঠানে শিক্ষাৰ্থী সকলক অসমৰ সংস্কৃতি ভাওনাৰ বিষয়ে জ্ঞান দিয়াৰ লগতে মহাপুৰুষ জনৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনাইছে ৷ জাতি,ধৰ্ম নিৰ্বিশেষে সকলোৱে যে সমান সেই ধাৰণা সৃষ্টি কৰিবলৈ এই শিক্ষানুষ্ঠানে আৰম্ভণিৰে পৰাই প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

 উল্লেখ্য যে, চৰাইদেউ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বেঙেনাবাৰী জাতীয় বিদ্যালয়ৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস ১৯ আৰু ২০ জানুৱাৰীত দুদিনীয়কৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত  শিক্ষক প্ৰদীপ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত “অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষা শিক্ষণত জটিলতা দূৰীকৰণৰ উপায়” শীৰ্ষক আলোচনাত সোণাৰি মহাবিদ্যালয়ৰ প্ৰবক্তা সুনীল দত্তই কয়  “বৰ্তমান সময়ত এটি শিশুক  ডাঙৰ দীঘল কৰি সু-নাগৰিক হিচাপে গঢ়ি তোলাটো অতি জটিল কাম হৈ পৰিছে।” আনহাতে, একোটা শিশুক প্ৰথমৰ পৰাই পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে নৈতিক শিক্ষা প্ৰদানতো গুৰুত্ব দিবলৈ অভিভাৱক সকলক  আহবান জনাই নিৰ্দিষ্ট বক্তাগৰাকীয়ে।

বিদ্যালয়ৰ  ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত সমবেত গীতেৰে আৰম্ভ কৰা সভাত উপাধ্যক্ষা মঞ্জুলা চেতিয়াই সভাৰ উদ্দেশ্য আগবঢ়ায়। সভাত সোণাৰি পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ মনি গগৈ উপস্থিত থাকি বক্তব্য আগবঢ়ায়। চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, সমাজকৰ্মী পবি গগৈ, মিতালী গগৈ আদি অতিথি হিচাপে উপস্থিত থাকে।  আনহাতে পুৱা বিদ্যালয়ৰ অধ্যক্ষ তুৱাৰাম চুতীয়াই পতাকা উত্তোলন কৰা পাছতে বিদ্যালয়ৰ প্ৰাচীৰ প্ৰত্ৰিকা উন্মোচন কৰে কানু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ সন্দিকৈয়ে।সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰে সোণাৰিৰ কনকলতা মেমৰিয়েল হস্পিতেল স্বত্বাধিকাৰ পল্লৱ মহন্তই। উক্ত সাংস্কৃতিক অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদৰ সম্পাদক মণিকাঞ্চন বুঢ়াগোহাঁই।