বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / প্ৰিয়ংকা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী!

প্ৰিয়ংকা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী!

প্ৰিয়ংকাৰ ফটোৰে মুহিব ভোটাৰক

লক্ষ্ণৌ,২১জানুৱাৰী : প্ৰিয়ংকা গান্ধীৰ নামত কেলেণ্ডাৰ প্ৰস্তুত কৰিছে কংগ্ৰেছ দলটোৱে৷উত্তৰ প্ৰদেশৰ প্ৰতিখন গাৱঁত এই কেলেণ্ডাৰবোৰ বিলোৱা হ’ব ৷ দলটোৱে মুঠ দহ লাখ টেবুল কেলেণ্ডাৰ ইয়াৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে ৷ বাৰ পৃষ্ঠাৰ এই কেলেণ্ডাৰত প্ৰিয়ংকা গান্ধীৰ মুঠ বাৰখন বিভিন্ন প’জৰ ফটো থাকিব ৷ দলৰ এক শীৰ্ষ স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰিয়ংকা গান্ধীক দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঠিয় কৰাৰ সিন্ধান্ত লৈছে যদিও বিষয়টো ৰাজহুৱা কৰা নাই ৷ প্ৰতিটো পেজত প্ৰিয়ংকাই বেলেগ বেলেগ লোকক সাক্ষাৎ কৰি থকাৰ ফটো সংযোজিত কৰা হৈছে ৷ আমেথিত মহিলাৰ লগত বাৰ্তালাপৰ ফটো,সোণভদ্ৰাত আদিবাসী মহিলাৰ লগত তোলা ফটো,উজ্জ্বয়িনী মন্দিৰৰ ফটো,লক্ষ্ণৌৰ গান্ধী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণৰ ফটো  আদি ইয়াত সন্নিৱিষ্ট কৰা হৈছে ৷