বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভেকচিন ভাৰতে বেলেগকো দিব

ভেকচিন ভাৰতে বেলেগকো দিব

বিশ্ব স্বাস্থ্য সংস্থাই দিব অনুমোদন !

পুনে,২১জানুৱাৰীঃ পুনেস্থিত ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াৰ দ্বাৰা অক্সফৰ্ড বিশ্ববিদ্যালয় তথা এষ্ট্ৰা জেনকাৰ যুটীয়া প্ৰচেষ্টাৰ দ্বাৰা আৱিস্কৃত ক’ভিড মহামাৰীৰ প্ৰতিষেধক ইতিমধ্যেই ভাৰতত প্ৰদান কৰা কাৰ্যসূচী আৰম্ভ হৈছে ৷ আনকি ভাৰত চৰকাৰে ছিৰাম ইন তথা আন এক ভাৰতীয় ঔষধ প্ৰতিষ্ঠান ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধক ইতিমধ্যে চুবুৰীয়া কেইখনমান বন্ধু ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰাৰ কামো আৰম্ভ কৰিছে ৷ এতিয়া আগন্তুক এক বা দুই সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ছিৰাম ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত প্ৰতিষেধকক বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰাত অনুমতি প্ৰদান কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ৷

আনহাতে, আগন্তুক সপ্তাহসমূহত বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ বিভিন্ন দেশলৈ প্ৰায় ২ বিলিয়ন ক’ভিড প্ৰতিষেধক যোগান ধৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ ইয়াৰে প্ৰায় ১.৩ বিলিয়ন প্ৰতিষেধক বিশ্বৰ অনুন্নত,দুখীয়া দেশসমুহলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য ভাৰতৰ ছিৰাম ইন্সটিটিউটৰ বাহিৰেও দক্ষিণ কোৰিয়াৰ এছ কে বায়সাইন্সেও অক্সফৰ্ড-অষ্ট্ৰ জেনকাৰ এই একে ক’ভিড প্ৰতিষেধক প্ৰস্তুত কৰিছে ৷

দক্ষিণ কোৰিয়াত প্ৰস্তুত হোৱা এই একে প্ৰতিষেধককো ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থাই আন দেশলৈ ৰপ্তানিৰ বাবে অনুমতি প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ ভাৰতৰ ছিৰাম ইনষ্টিটিউটৰ বাহিৰেও বিশ্বৰ আন বিভিন্ন ইউৰোপীয়ান দেশ,ৰাছিয়া,চীন ইত্যাদিত প্ৰস্তুত হোৱা ক’ভিড মহামাৰীৰ প্ৰতিষেধকক আগন্তুক দিনসমূহত বিশ্ব স্বাস্থ্য সংস্থাই আন দেশলৈ ৰপ্তানিৰ বাবে অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷