দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ৰাইজৰ দল বিজেপিৰ বি টীম !

ৰাইজৰ দল বিজেপিৰ বি টীম !

অখিলক সমালোচনা সাংসদ প্ৰদ্যুতৰ

নগাঁও, ২১ জানুৱাৰী :  “অখিল গগৈয়ে আজমলক কিয় সাম্প্ৰদায়িক বুলি ক’ব, আগতে দেখোন অখিল গগৈয়ে এ আই ইউ ডি এফৰ সৈতে একেলগে বহুত কাম কৰিছিল” – প্ৰথমবাৰৰ বাবে অখিল গগৈক এইদৰে আক্ৰমণ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। হোজাই জিলাৰ নীলবাগানত এখন ফুটবল খেল উদ্বোধন কৰিবলৈ গৈ সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।  উল্লেখযোগ্য যে যমুনামুখ সমষ্টিৰ ডবকাত কালি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জন্ম দিয়া আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে এখন বিশাল গণসমাৱেশৰ আয়োজন কৰিছিল।

এই সভাত ৰাইজৰ দলৰ নেতৃত্বই বিজেপিৰ লগতে এ আই ইউ ডি এফ আৰু সাংসদ বদৰুদ্দিন আজমলকো কঠোৰ সমালোচনা কৰিছিল। ৰাইজৰ দলৰ নেতৃত্বই বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক বুলি কৰা মন্তব্যৰ বিষয়ে সাংবাদিকে সাংসদ গৰাকীক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “আমাৰ লগত কেৱল এ আই ইউ ডি এফেই নহয়, কেইবাটাও বাওঁপন্থী দলে মিত্ৰতা কৰিছে। এতিয়া তেওঁলোকে বাওঁপন্থী দলকো সাম্প্ৰদায়িক বুলি ক’ব নেকি ? অখিল গগৈয়ে অথবা ৰাইজৰ দলে বিজেপিৰ বি টীম হৈ কাম কৰিছে নেকি সেয়াও আমি চাব লাগিব।”

আনহাতে স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, “হিমন্তৰ কামেই হ’ল লাজ নাইকীয়া সাম্প্ৰদায়িক মন্তব্য দিয়া। এইবাৰ নিৰ্বাচনত কংগ্ৰেছ-এ আই ইউ ডি এফ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত।”উল্লেখযোগ, ডবকাৰ ৰাইজৰ দলৰ গণসমাৱেশত ৰাইজৰ দলৰ নেতা ৰাজু বৰা আৰু ভাস্কো ডি শইকীয়াই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি মন্তব্য কৰাৰ প্ৰত্যুত্তৰতে ৰাইজৰ দললৈ এই শক্তিশেল নিক্ষেপ কৰে কংগ্ৰেছৰ বাকপটু নেতা গৰাকীয়ে।