দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / আলফাই দিছে বন্ধ

আলফাই দিছে বন্ধ

গণৰাজ্য দিৱস বৰ্জনৰ লগতে বন্ধৰ আহ্বান

গুৱাহাটী,২২জানুৱাৰী : প্ৰত্যেক বছৰৰ দৰে এইবাৰো গণতন্ত্ৰ দিৱস বৰ্জনৰ আহ্বান জনাইছে সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা  সহ  তিনি সংগঠনে৷এক বিবৃতিযোগে এই আহ্বান জনাইছে সশস্ত্ৰ সংগঠন আলফা ,নেশ্যনেল চ’ছিয়েলিষ্ট কাউঞ্চিল অব নাগালেণ্ড চমুকৈ এন এছ চি এন আৰু জি পি আৰে ৷ গণৰাজ্য দিৱসৰ দিনটোত ১৮ঘণ্টীয়া বন্ধও ঘোষণা কৰিছে সংগঠন কেইটাই ৷ ২৬ জানুৱাৰীৰ পুৱতি নিশা এক বজাৰপৰা সন্ধিয়া ছয় বজালৈ এই বন্ধৰ আহ্বান জনোৱা হৈছে ৷ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ হৈ দ্বীপ অসমৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটোত সকলো অসমবাসীকে বন্ধৰ প্ৰতি সঁহাৰি জনাবলৈ আহ্বান জনোৱা হৈছে ৷ উল্লেখযোগ্য যে আলফা শেহতীয়াকৈ দুৰ্বল হোৱা বুলি অসম চৰকাৰৰ গৃহ বিভাগে  ঘোষণা কৰি আহিছে যদিও কিন্তু বিগত ২৩ ডিচেম্বৰত অৰুণাচলৰ চাংলাং জিলাৰ পৰা কুইপ’ কোম্পানীৰ দজন বিষয়াক অপহৰণ কৰি নি সংগঠনটোৱে নিজৰ স্থিতি মজবুত আৰু শক্তিশালী বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে ৷ আজি এমাহ অতিক্ৰম কৰাৰ পিছতো অপহৃতৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী বিভাগ ৷ সেয়ে আলফাৰ শেহতীয়া গণতন্ত্ৰ দিৱস বৰ্জনৰ আহ্বানে  কিছু গুৰুত্ব বহন কৰিছে ৷