বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘উৰিলে’ তলত কি হৈছে নেদেখে !

‘উৰিলে’ তলত কি হৈছে নেদেখে !

উৰাজাহাজত উঠি ফুৰা মুখ্যমন্ত্ৰীক সমালোচনা

নগাঁও, ২২জানুৱাৰী :  “ৰাইজৰ ধন চৰম অপচয় কৰিছে এইখন চৰকাৰে। ৪কিলোমিটাৰ বাট যাবলৈয়ো মুখ্যমন্ত্ৰীক লাগে উৰাজাহাজ। তাৰ বাবে দিল্লীৰ পৰা উৰাজাহাজ আনে ৰাইজৰ ধনেৰে” -এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ। আজি কৃষি আইন আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত অৰ্ধশতাধিক কংগ্ৰেছীয়ে উলিওৱা চাইকেল ৰেলী আৰু ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনে কঠোৰ সমালোচনা কৰে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। ৰকিবুল হুছেইনে নিজৰ ভাষণত কয়, “এইখন চৰকাৰৰ বাবেই এইবাৰ উৰুকাত ৰাইজে মাছ কিনিব নোৱাৰিলে। কাৰণ চৰকাৰে ৰাইজৰ ধন অপচয় কৰিছে, মুখ্যমন্ত্ৰীয়ে উৰাজাহাজত উঠি ৰাইজৰ ধন অপচয় কৰিছে।

সেয়ে ৰাইজে এইবাৰ উৰুকাত মাছ খাবলৈ নাপালে।”ৰকিবুলে লগতে কয় ২০২১ৰ নিৰ্বাচনত বিজেপিৰ অপশাসন উফৰাই কংগ্ৰেছ-এ আই ইউ ডি এফ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত। সেয়ে কৰ্মীসকলক নিৰাশ ন’হবলৈকো কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে আহ্বান জনায়। উল্লেখযোগ্য  নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডা: দূৰ্লভ চমুৱাৰ নেতৃত্বত আজি নগাঁও সদৰ কংগ্ৰেছে ৰূপায়িত কৰা এই কাৰ্যসূচীত কংগ্ৰেছ নেতা শান্তনু শৰ্মাৰ লগতে অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে।