দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / মদ বিলাওক,ভোট লওক !

মদ বিলাওক,ভোট লওক !

অসমৰ ১৯০ টা কেন্দ্ৰত মদ দিলেই ভোট দিয়ে

গুৱাহাটী,২২ জানুৱাৰীঃ ভাৰতত প্ৰথমবাৰৰ বাবে সুৰাৰ ব্যৱহাৰে সাধাৰণ ভোটাৰৰ ভোটদান প্ৰক্ৰিয়া প্ৰভাম্বিত কৰাৰ সম্ভাৱনা থকা ভোটগ্ৰহণ কেন্দ্ৰ চিনাক্ত কৰা হৈছে ৷ তাৎপৰ্যপূৰ্ণভাৱে অসমৰ আবকাৰী বিভাগে ৰাজ্যখনৰ ১২জিলাৰ ১৯০ভোটগ্ৰহণ কেন্দ্ৰ সুৰা ব্যৱহাৰৰ দ্বাৰা সাধাৰণ  ভোটাৰৰ সিদ্ধান্ত প্ৰভাৱিত কৰিব পাৰে বুলি চিনাক্ত কৰিছে ৷ এই ১৯০ কেন্দ্ৰৰ গৰিষ্ঠসংখ্যকেই তিনিচুকীয়া,শিৱসাগৰ,ডিব্ৰুগড়,বিশ্বনাথ,লক্ষীমপুৰ,ধেমাজি জিলাত অৱস্থিত ৷ উল্লেখযোগ্য যে সাধাৰণতে নিৰ্বাচনী আয়োগ তথা ৰাজ্য চৰকাৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনাৰ ভিত্তিত সংবেদনশীল তথা অতি সংবেদনশীল বুলি চিনাক্ত কৰে য’ত নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সম্পাদন কৰিবলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় তথা অতিৰিক্ত নিৰ্বাচনী পৰ্য্যবেক্ষক নিযুক্ত কৰা হয় ৷

কিন্তু প্ৰথমবাৰৰ বাবে সুৰাৰ অবাধ ব্যৱহাৰৰ  সম্ভাৱনা থকা ভোটগ্ৰহণ কেন্দ্ৰ চিনাক্ত কৰা কাৰ্যত সাধাৰণ ৰাইজ তথা ভোটাৰৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আনহাতে, ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন নিৰ্বাচনত সুৰা বিতৰণ কৰি বিভিন্ন ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে সাধাৰণ ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ নতুন নহয় ৷ সচেতন ৰাইজে নিৰ্বাচনত সুৰাৰ এই অবাধ ব্যৱহাৰ ৰোধ কৰিবলৈ সংশ্লিষ্ট চৰকাৰ তথা নিৰ্বাচনী আয়োগক সময়ে সময়ে দাবী উত্থাপন কৰি আহিছে ৷ আগন্তুক দিনত নিৰ্বাচনী আয়োগ তথা অসম চৰকাৰে এই ১৯০ টা ভোটগ্ৰহণ কেন্দ্ৰ কঠোৰ নিৰীক্ষণত ৰাখিব বুলি অনুমান কৰা হৈছে ৷