সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মহাসমস্যা হৈছে মহাজোঁটৰ !

মহাসমস্যা হৈছে মহাজোঁটৰ !

প্ৰাৰ্থীক লৈ সংঘাতৰ আশংকা মহাজোঁটত

নগাঁও, ২২জানুৱাৰী : নিৰ্বাচনৰ আসন বুজাবুজিক লৈ মহাজোঁট বন্ধনত  অসন্তুষ্টিৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত থকা বটদ্ৰৱা সমষ্টি এইবেলি মিত্ৰতাৰ উপহাৰ স্বৰূপে মহাজোঁটৰ অংশীদাৰ আঞ্চলিক দল আঞ্চলিক গণমৰ্চাৰ প্ৰাৰ্থী লাচিত বৰদলৈক এৰি দিয়াৰ কথা চৰ্চিত হোৱাৰ লগে লগে সমগ্ৰ বটদ্ৰৱাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে বটদ্ৰৱা বিধানসভা সমষ্টিত ১৯৯১, ২০০১, ২০০৬ আৰু  ২০১১ত কংগ্ৰেছ প্ৰাৰ্থী গৌতম বৰাই জয়লাভ কৰিছিল। কিন্তু ২০১৬চনত বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই প্ৰথমবাৰৰ বাবে জয়লাভ কৰে। কিন্তু ২০১৯চনৰ লোকসভা নিৰ্বাচনতো কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ততকৈ বটদ্ৰৱা বিধানসভা সমষ্টিত বহু ভোট বেছিকৈ পাবলৈ সক্ষম হৈছিল।

কাৰণ সংখ্যালঘু বসতিপ্ৰধান বটদ্ৰৱাত কংগ্ৰেছৰ ভেটি যথেষ্ট শক্তিশালী। সেয়ে সমষ্টিটোৰ পৰা প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই পুনৰ প্ৰাৰ্থিত্ব বিচৰাৰ ওপৰিও মহিলা কংগ্ৰেছৰ নেত্ৰী শিৱামণি বৰা আৰু যুৱ কংগ্ৰেছৰ নেতা অভিজিৎ বৰায়ো প্ৰাৰ্থিত্ব বিচাৰিছে। কিন্তু কংগ্ৰেছ -এ আই ইউ ডি এফ নেতৃত্বাধীন মহাজোঁটত অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক শক্তি আঞ্চলিক গণমৰ্চা চামিল হোৱাৰ লগে লগে বটদ্ৰৱাৰ ৰাজনীতিয়ে লৈছে নতুন মোৰ। এসময়ত আঞ্চলিকাতাবাদী অগপৰ শক্তিশালী ভেটি থকাৰ বাবেই এইবাৰ সমষ্টিটো মহাজোঁটে এৰিব বিচাৰিছে আঞ্চলিক গণমৰ্চাক। আঞ্চলিক গণমৰ্চাই বটদ্ৰৱাত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন মুখ্য সম্পাদক তথা প্ৰাক্তন অগপ নেতা লাচিত বৰদলৈক।

এই খবৰ বিয়পি পৰাৰ লগে লগে বটদ্ৰৱাৰ কংগ্ৰেছী মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ ৪বাৰকৈ নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা বটদ্ৰৱা আন দলক এৰি দিবলৈ কোনো কাৰণতে সন্মত নহয় বটদ্ৰৱাৰ কংগ্ৰেছী মহল। ইতিমধ্যে বটদ্ৰৱাক কোনো কাৰণতে আঞ্চলিক গণমৰ্চাক এৰি নিদিয়াৰ বাবে সংকল্পবদ্ধ হৈছে বটদ্ৰৱাৰ কংগ্ৰেছী মহল। সেয়ে মহাজোঁটবন্ধনৰ সন্মুখত বটদ্ৰৱাক লৈ সৃষ্টি হৈছে এক অনাকাংক্ষিত পৰিস্থিতিৰ ৷