বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মৰ্মান্তিক !

মৰ্মান্তিক !

৬ জন অসমৰ শ্ৰমিকৰ মৃত্যু

গুৱাহাটী,২২জানুৱাৰী : মেঘালয়ৰ পূব জয়ন্তীয়া হিলছ জিলাৰ কয়লা খনিত আজি কৰিমগঞ্জৰ ৬ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷ জিলাখনৰ উপায়ুক্ত ই খাৰমাল্কীয়ে জানিবলৈ দিয়া অনুসৰি  খনিৰ ভিতৰত খনন কাৰ্য চলাই থকা সময়ত উক্ত দুৰ্ঘটনা সংঘটিত হয় আৰু তেওঁলোক গাঁতৰ ভিতৰত পৰি যায় ৷ অৱশ্যে উপায়ুক্ত গৰাকীয়ে জনাই যে শ্ৰমিক কেইজন শিল খনন নে কয়লা খনন কোনটো কাৰ্যত জড়িত আছিল তাক স্পষ্টকৈ ক’ব পৰা হোৱা নাই কিয়নো তেওঁলোকৰ মৃতদেহৰ কাষত কয়লা পোৱা যোৱা নাই ৷ উল্লেখযোগ্য যে ২০১৮ চনতো ১৫ জন শ্ৰমিকে উক্ত জিলাৰ কয়লা খনিত কাম কৰি থকা অৱস্থাত মৃত্যুক সাৱটি ল’ব লগা হৈছিল ৷ উক্ত শ্ৰমিকসকলো অসমৰে আছিল ৷ যোৱা নিশা প্ৰাণ হেৰুওৱা এই লোকসকলো অসমৰ কৰিমগঞ্জ জিলাৰ ৷