সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / যোগীৰ ‘উদ্যম সাৰথি’

যোগীৰ ‘উদ্যম সাৰথি’

নিবনুৱাই পাব সংস্থাপন

লক্ষ্ণৌ,২২জানুৱাৰী : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অহা ২৪ জানুৱাৰীত ‘উদ্যম সাৰথি’ নামৰ এটা এপৰ শুভাৰম্ভ কৰিব ৷ ইয়াৰ জৰিয়তে ৰাজ্যখনৰ যুৱক যুৱতীয়ে নিবনুৱাৰ কৰ্মসংস্থাপন আৰু বিভিন্ন নিয়োগৰ সুবিধাৰ বিষয়ে জানিব পাৰিব ৷ এই এপটোৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল কৰাৰ বাবে প্ৰয়োজনীয় সকলো তথ্য পোৱাৰ লগতে বিভিন্ন বেংকৰ ঋণ সম্পৰ্কেও তথ্য লাভ কৰিব ৷ তদুপৰি বিভিন্ন উৎপাদিত সামগ্ৰীৰ ব্যৱসায়িক কৌশল,বজাৰ সম্বন্ধেও সকলো তথ্য পাব এই এপটোত ৷ মুখ্যমন্ত্ৰী যোগীয়ে আশা প্ৰকাশ কৰিছে যে ইয়াৰ জৰিয়তে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক যুৱক যুৱতীয়ে সংস্থাপনৰ বাট মুকলি কৰিব পাৰিব আৰু স্বনিৰ্ভৰশীল হোৱাৰ পথো মুকলি কৰিব পাৰিব ৷