দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘স্বয়ম’ৰ শুভাৰম্ভ নগাঁৱত

‘স্বয়ম’ৰ শুভাৰম্ভ নগাঁৱত

গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাই লক্ষ্য

নগাঁও: ২২ জানুৱাৰী : অসমৰ গ্ৰাম্য অৰ্থনীতি  শক্তিশালী কৰাৰ  বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কিছু আঁচনি  গ্ৰহণ কৰিছে অৱশ্যে ইয়াৰ অন্য এক লক্ষ্য হৈছে হিতাধিকাৰী সৃষ্টি কৰা ৷ আজি নগাঁও জিলাত তেনে এক আঁচনি ‘স্বয়ম’ৰ শুভাৰম্ভ কৰি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় “আমাৰ এই চৰকাৰখনেই  অসমৰ প্ৰথম কল্যাণকামী চৰকাৰ। আমাৰ নিবনুৱা যুৱক- যুৱতী সকলে যাতে কৰ্ম সংস্থাপন লাভ কৰাৰ লগতে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে বৰ্তমানৰ চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে।”  স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ অধীনত এই আঁচনি ৰূপায়ণ কৰা হৈছে। এই আচঁনিৰ অধীনত আত্মসহায়ক গোট সমূহক আৰ্থিক অনুদান প্ৰদান কৰি এই গোটৰ লগত জড়িত সকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

মহন্তই লগতে কয় “ইতিমধ্যে বৰ্তমান চৰকাৰৰ দিনত ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কৃষক, বনুৱা, ক্ষুদ্ৰ উদ্যোগী, বৃদ্ধ, ব্যৱসায়ী সকলোৰে বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে। এই আচঁনি সমূহ ৰূপায়ণৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোক উপকৃত হৈছে।” স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ আঁচনিৰ কথা উল্লেখ কৰি মহন্তই কয়- চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আচঁনিৰ জৰিয়তে উৎপাদন আৰু শ্ৰম দুয়োটা সমান্তৰাল ভাৱে হৈছে ফলত এতিয়া অসমে পৰ্যায় ক্ৰমে সকলো ক্ষেত্ৰতে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে।

যাৰ ফলত অসমলৈ আমদানি  কমি আহিছে।” নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভনে আদৰণি ভাষণ দিয়া অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওগ,নগাঁও জিলা “স্বয়ম আঁচনি” ৰূপায়ন সমিতিৰ সদস্য প্ৰনৱ বৰাকে ধৰি বহু কেইগৰাকী বিষয়া অংশগ্ৰহণ কৰে। প্ৰথম পৰ্যায়ত জিলা খনৰ ৪৫৩ টা আত্মসহায়ক গোটক এই আচঁনিৰ অনুদান প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি আনুষ্ঠানিক ভাৱে ৮টা আত্মসহায়ক গোটক এই অনুদান প্ৰদান কৰা হয়।