বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / কাইলৈ অমিত শ্বাহ যাব কোকোৰাঝাৰ

কাইলৈ অমিত শ্বাহ যাব কোকোৰাঝাৰ

নিৰ্বাচনৰ ৰণশিঙা বজাব শ্বাহে

গুৱাহাটী,২৩জানুৱাৰী : বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চমুকৈ বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি উপলক্ষে হ’বলগীয়া অনুষ্ঠানত কাইলৈ উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত  শ্বাহক আদৰিবলৈ বিটিআৰৰ মূৰব্বী প্ৰমোদ বড়োৰ নেতৃত্বত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷

কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ বাবে সমগ্ৰ পথাৰখন   আটকধুনীয়াকৈ সজাই তোলা হৈছে ৷ কাইলৈ এই বৰ্ষপূৰ্তি

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও  উপস্থিত থাকিব৷ বিটিআৰৰ মূৰব্বী প্ৰমোদ বড়োৱে এই অনুষ্ঠানৰ প্ৰস্তুতিি সন্দৰ্ভত কয়  “ অনুষ্ঠানৰ বাবে সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে আৰু অনুষ্ঠানত প্ৰায় পাঁচ লাখ লোকৰ সমাগমৰ আশা কৰা হৈছে ৷ “উল্লেখযোগ্য যে 

বিগত বৰ্ষৰ ২৭ জানুৱাৰীত নতুন দিল্লীত স্বাক্ষৰিত বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল ৷ এই  বৰ্ষপূৰ্তি অনুষ্ঠান ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰী পৰ্যন্ত তিনিদিনীয়াকৈ পালন কৰাৰ ব্যৱস্থা কৰিছে বিটিআৰৰ নবগঠিত চৰকাৰে ৷ ইতিমধ্যে এই চুক্তিৰ কেইবাটাও দফা চৰকাৰে ৰূপায়ণ কৰাৰ পাছত অহা এবছৰৰ ভিতৰত গৰিষ্ঠসংখ্যক দফাই কাৰ্যকৰী কৰা হ’ব বুলি জানিবলৈ দিছে বিটিআৰৰ মূৰব্বী প্ৰমোদ বড়োৱে ৷