বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / জেৰেঙাত ‘জয়ঢোল’ মোডীৰ

জেৰেঙাত ‘জয়ঢোল’ মোডীৰ

লক্ষাধিকক পট্টা বিলালে মোডীয়ে

২৩ জানুৱাৰী ,শিৱসাগৰৰ জেৰেঙা পথাৰৰ পৰা অভিজিৎ ভূঞাৰ প্ৰতিবেদন : শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰৰ পৰা অসমবাসীক অসমীয়াতেই ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ ওলগ জনাই ৰাজ্যৰ ১ লাখ ৬ হাজাৰ  লোকক মাটিৰ পট্টা বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰি ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

সতী জয়মতীৰ ত্যাগ তথা স্মৃতি বিজড়িত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰৰ পৰাই যেন আৰম্ভ হ’ল নিৰ্বাচনী ৰাজনীতি। উল্লেখ্য যে , ৰাজ্যৰ খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ কৰাৰ উদ্দেশ্যে আজি জেৰেঙা পথাৰত অনুষ্ঠিত বিশাল জনসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহু কেইগৰাকী সাংসদ তথা ৰাজ্যৰ মন্ত্ৰী -বিধায়কসকলৰ উপস্থিতিত মাটিৰ পট্টা বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে সুধাকন্ঠৰ এটি গান – ‘অ মোৰে ধৰিত্ৰী আই’ শীৰ্ষক গীতটি গাই খিলঞ্জীয়াক লৈ বিজেপি চৰকাৰ সদায়েই দায়ৱদ্ধ বুলি ঘোষণা কৰে। জয়মতীৰ ত্যাগেৰে পৱিত্ৰ হোৱা অসমভূমিলৈ প্ৰণাম জনাই লক্ষাধিক খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰাটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ঐতিহাসিক কাম আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰশংসাৰ যোগ্য বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “স্বাধীনতাৰ ৭০ বছৰৰ পাছতো অসমৰ খিলঞ্জীয়া লোকসকলে মাটিৰ পট্টা লাভ নকৰাটো দুৰ্ভাগ্যজনক। আজি প্ৰদান কৰা ভূমিপট্টাৰ জৰিয়তে খিলঞ্জীয়াৰ ভয়-শংকা দূৰ হোৱাই নহয় ভূমিপূত্ৰ সকলে আইনী সুৰক্ষা লাভ কৰিছে।

অনাগত দিনত কম সময়ৰ ভিতৰতে আৰু এক লক্ষাধিক লোকক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷” আনহাতে, অসম আত্মনিৰ্ভৰশীল ভাৰতৰ অংশীদাৰ হোৱা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “অসমত এতিয়া দ্ৰুত উন্নয়ন হৈছে। পথ নিৰ্মাণৰ কাম বঢ়াৰ লগে লগে অসমত ঔদ্যোগিক বিকাশ ত্বৰান্বিত হৈছে ফলত নিবনুৱা সকলে আত্মসংস্থাপনৰ পথ লাভ কৰিছে৷” প্ৰায় ২৭ মিনিটৰ  ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে বৈদ্যুতিকৰণ, উজ্জলা আঁচনিকে ধৰি চৰকাৰৰ কিছু উন্নয়নমূলক আঁচনি খতিয়ান দাঙি ধৰি আওপকীয়াকৈ বিগত কংগ্ৰেছ চৰকাৰক এক প্ৰকাৰ কটাক্ষ কৰা পৰিলক্ষিত হয়।