দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / জেৰেঙাত হ’ব জয়াৰ স্মৃতিসৌধ

জেৰেঙাত হ’ব জয়াৰ স্মৃতিসৌধ

মোডীক প্ৰশংসাৰে উপচালে হিমন্তই

শিৱসাগৰৰ জেৰেঙা পথাৰৰ পৰা অভিজিৎ ভূঞাৰ প্ৰতিবেদনশিৱসাগৰ,২৩জানুৱাৰী : “শিৱসাগৰৰ জেৰেঙা পথাৰে সোঁৱৰাই অসমৰ ইতিহাসৰ কথা। যিখন জেৰেঙা পথাৰত সতী জয়মতী শ্বহীদ হৈছিল সেই জেৰেঙা পথাৰৰ এশ বিঘা মাটিত সতী জয়মতীৰ স্মাৰক নিৰ্মাণ কৰিব চৰকাৰে”- এই মন্তব্য ৰাজ্যৰ বিত্ত স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত বিশাল জনসভাত আদৰণি ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে। আদৰণি ভাষণ দি  তেখেতে কয়,”বৰ্তমান সময়ত ৰাজনৈতিক আক্ৰমণ হৈছে ভাৰত তথা অসমৰ জাতিসত্বাৰ ওপৰত। সমগ্ৰ অসমীয়া জাতিয়ে এই আক্ৰমণকাৰীৰ বিৰুদ্ধে একত্ৰিত হৈ মাৰ বান্ধি থিয় দিব লাগিব”।

উল্লেখ্য যে, অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এক লক্ষাধিক লোকৰ মাটি পট্টা বিতৰণৰ জৰিয়তে নিৰ্বাচনী ৰণশিঙা বজাবলৈ শনিবাৰে শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰৰ জৰিয়তে জেৰেঙা পথাৰত উপস্থিত হোৱাৰ পাছতে অনুষ্ঠিত হোৱা বিশাল জনসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফুলাম গামোচা, বান কাঁহী-বান বাতি তথা অসমৰ গৌৰৱ ৰংঘৰৰ এটা স্মাৰকেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনোৱাৰ পাছতে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰি  কয় যে, “প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে আজি ক’ৰনাৰ দৰে মহামাৰীৰ প্ৰতিষেধক দেশবাসীয়ে লাভ কৰিছে। কৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীয়ে অসমলৈ সহায়ৰ হাত আগবঢ়োৱা বাবেই অসমত কৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণাধীন হৈ থাকিল। তেওঁ অসমলৈ আগবঢ়োৱা অৱদানৰ কথা কোনেও পাহৰিব নোৱাৰে। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি এই জেৰেঙা পথাৰতে খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰাতো অসমবাসীৰ প্ৰতি তেওঁৰ  এক দায়ৱদ্ধতাৰে প্ৰমাণ ৷ ”