বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নগঞায়ো পালে পট্টা

নগঞায়ো পালে পট্টা

৩ হজাৰোধিক লোকক ভূমিপট্টা প্ৰদান

নগাঁও, ২৩ জানুৱাৰী : অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত জিলাখনৰ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱন্টণ পত্ৰ বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত  সভাত মুখ্য অতিথি হিচাপে অংশ লৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই  কয় যে  মানুহ জীয়াই থাকিবলৈ হ’লে অন্ন, বস্ত্ৰ আৰু বাসস্থান এই তিনিওটা বস্তু অতি প্ৰয়োজন। আজি এই ভূমিপট্টা প্ৰদানৰ জৰিয়তে ভূমিহীন খিলঞ্জীয়া লোক সকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ জীৱনলৈ এক নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিব। বিধায়ক শৰ্মাই ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা  বিতৰণৰ আজিৰ দিনটোক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন হিচাপেও অভিহিত কৰে।উল্লেখ্য যে আজি  আনুষ্ঠানিকভাৱে নগাঁও জিলাৰ ১১০ টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমিপট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হয় যদিও সমগ্র জিলাখনত  মুঠ ৩,৫৭১ টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালক এই ভূমিপট্টা প্ৰদান কৰা হব।   জিলা উপায়ুক্ত কভিথা পদ্মনাভণে সভাত আদৰণি ভাষণ আগবঢ়ায় । ভূমি পট্টা বিতৰণ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ দলৈ, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন  নেওগকে প্ৰমুখ্য কৰি ৰাজহ বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।