মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / নেতাজীৰ নামত হ’ব বিশ্ববিদ্যালয়

নেতাজীৰ নামত হ’ব বিশ্ববিদ্যালয়

নেতাজীকহে প্ৰকৃত যোদ্ধা বুলিলে মমতাই

কলকাতা,২৩জানুৱাৰী : আজি নেতাজী সুভাষ বসুৰ ১২৫ বছৰীয়া জন্ম জয়ন্তীত বীৰজনক শ্ৰদ্ধাঞ্জলি জনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়“নেতাজী আছিল এজন প্ৰকৃত যোদ্ধা ৷ তেওঁ সকলোকে একতাৰ ডোলেৰে বান্ধিব খুজিছিল আৰু সফলো হৈছিল ৷ আমি তেওঁৰ জন্মদিনটো দেশনায়ক দিৱস হিচাপে পালন কৰি আহিছোঁ ৷

আজি তেওঁৰ অবদান আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ ৷ ”মুখ্যমন্ত্ৰী গৰাকীয়ে এবছৰীয়াকৈ নেতাজীৰ ১২৫ বছৰীয়া জন্মজয়ন্তী অনুষ্ঠিত কৰাৰ বাবে এখন সুকীয়া সমিতি গঠন কৰাৰ কথাও উল্লেখ কৰে ৷ “ৰাজাৰহাট অঞ্চলত আজাদ হিন্দ ফৌজৰ নামত এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব আৰু নেতাজীৰ নামেৰে এখন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব আৰু এই বিশ্ববিদ্যালয়ৰ আন বিদেশী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হ’ব ৷ আজি দিনৰ ১২-১৫ বজাত নেতাজীৰ স্মৰণত ছাইৰেণ বজোৱা হ’ব ৷ আমি সাধাৰণ জনতাকো সেই সময়ত ঘৰত শংখ বজাবলৈ অনুৰোধ জনাইছোঁ ৷ আমি কেন্দ্ৰীয় চৰকাৰক ২৩জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা কৰিবলৈ আহ্বান জনাম”-মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয় ৷