মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / লালু প্ৰসাদৰ অৱস্থা গুৰুতৰ

লালু প্ৰসাদৰ অৱস্থা গুৰুতৰ

এইমচলৈ স্থানান্তৰৰ যো-জা

পাটনা,২৩জানুৱাৰী : ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱৰ অৱস্থা অত্যন্ত সংকটজনক ৷ নিউমোনিয়া ৰোগত গুৰুতৰভাৱে আক্ৰান্ত লালু প্ৰসাদ যাদৱক ৰাঁচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অব মেডিকেল চায়েঞ্চত চিকিৎসা প্ৰদান কৰি থকা হৈছে যদিও তেওঁৰ স্বাস্থ্যৰ অৱস্থালৈ চাই চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ এইমছলৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে ৷ ইতিমধ্যে কালি নিশাই নেতাগৰাকীৰ পত্নী ৰাৱৰী দেৱী,পুত্ৰদ্বয় তেজপ্ৰতাপ আৰু তেজস্বী,কন্যা মিছাই এখন বিশেষ বিমানেৰে  আহি ৰাঁছীত উপস্থিত হৈ তেওঁক সাক্ষাৎ কৰে ৷ তেওঁক তাৰ পৰা এইমছলৈ স্থানান্তৰ কৰা সম্পৰ্কত চি বি আই ৰ পৰা অনুমতি বিচাৰি আৱেদন কৰা হৈছে ৷ ইতিমধ্যে পুত্ৰ তেজস্বীয়ে ঝাৰখাণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণক সাক্ষাৎ কৰি তেওঁৰ পিতৃক দিল্লীলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত হোৱা প্ৰয়োজনীয় সহায় বিচাৰে ৷ মুখ্যমন্ত্ৰী ছোৰেণে সকলোধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে ৷