সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সাহায্য ও বাণিজ্য দুইটাতেই গুৰুত্ব ভাৰতৰ

সাহায্য ও বাণিজ্য দুইটাতেই গুৰুত্ব ভাৰতৰ

ভাৰতক ভেকচিন বিচাৰিয়েই আছে

নতুন দিল্লী,২৩জানুৱাৰী : ভাৰতে ক’ভিড ভেকচিন এতিয়া চৌডি আৰৱৰ ওপৰিও দক্ষিণ আফ্ৰিকাৰ মৰক্কোলৈয়ো পঠিয়াব ৷ প্ৰায়বোৰ আৰৱীয় দেশেই ক’ভিড ভেকচিন বিচাৰি ভাৰত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে যদিও মৰক্কোৱেও শেহতীয়াকৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ “ইতিমধ্যে চুক্তি স্বাক্ষৰিত দেশ চৌডি আৰৱ,দক্ষিণ আফ্ৰিকা,ব্ৰাজিল,মৰক্কো,বাংলাদেশ,ম্যানমাৰ আদি দেশলৈ প্ৰেৰণ কৰা হৈছে”-এনেদৰে কয় মুখ্য মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ৷ শ্ৰীবাস্তৱ হ’ল ভেকচিন প্ৰদানৰ বাবে গঠিত আন্তৰাষ্ট্ৰীয় সমিতিৰ মুখ্য মুখপাত্ৰ ৷ এই সমিতিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ মৰ্মে গঠন কৰা হৈছে ৷ এই সমিতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ মানৱ জাতিক সহায় কৰিব বিচাৰিছে ৷ ২০ জানুৱাৰীৰ পৰা প্ৰতিবেশী ৰাষ্ট্ৰক ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে ৷ “প্ৰথম দিনটোত ডেৰ লাখ ভেকচিন প্ৰেৰণ কৰা হৈছে ভূটানলৈ ,এক লাখ ভেকচিন পঠিওৱা হৈছে মালদ্বীপলৈ,এক মিলিয়ন পঠিওৱা হৈছে নেপাললৈ আনহাতে দুই মিলিয়ন বাংলাদেশলৈ প্ৰেৰণ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে ৷ খুব সোনকালে আফগানিস্থান আৰু শ্ৰীলংকালৈয়ো  ভেকচিন প্ৰেৰণ কৰাৰ বন্দোবস্ত কৰা হ’ব ৷ “অৱশ্যে একেটা সময়তে দেশৰ জনসাধাৰণ যাতে ক’ভিড ভেকচিনৰ অভাৱত ভুগিবলগীয়া নহয় ,সেই বিষয়টোতো গুৰুত্ব আৰোপ কৰা হৈছে ৷ এই বিদেশী ৰাষ্ট্ৰবোৰক ভেকচিন প্ৰদানৰ সময়ত  সাহায্যৰ লগতে বাণিজ্যিক লাভালাভৰ বিষয়টোতো সমানে গুৰুত্ব প্ৰদান কৰা হৈছে ৷