বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ছিক্কিমলৈ বিমান চলিল

ছিক্কিমলৈ বিমান চলিল

ভাল দিন আহিল ছি্ক্কিমৰ

গেংটক,২৪ জানুৱাৰী : প্ৰায় ১৮ মাহ পিছত আজিৰ পৰা  ছিক্কিমলৈ বিমান চলাচল আৰম্ভ হৈছে ৷ ছিক্কিমৰ একমাত্ৰ বিমানবন্দৰ পাকয়ংলৈ বিগত ১৮ মাহে এখনো বিমান চলা নাছিল কিন্তু আজি ৫৭ গৰাকী যাত্ৰী লৈ দিল্লীৰ পৰা এখন বিমান আহি পাকয়ং বিমানবন্দৰত অৱতাৰণ কৰেহি ৷ প্ৰযুক্তিগত কাৰণ আৰু বতৰজনিত  সমস্যাৰ বাবে বিগত দিনসমূহত এই বিমানবন্দৰটো সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল ৷

ছিক্কিম পৰ্যটনৰ কপিল মীনাই কয়“আজিৰ পৰা বিমান উৰণ আৰম্ভ হোৱাৰ ফলত পৰ্যটন উদ্যোগটো যথেষ্ট ধনাত্মক দিশত গতি কৰিব ৷ কাৰণ বহুত দিনৰ পৰা দিল্লীলৈ এখন বিমানৰ দাবী উত্থাপন হৈ আহিছিল ৷ আমাৰ ইয়ালৈ দিল্লীৰ পৰা যথেষ্ট সংখ্যক পৰ্যটক আহে ৷ এতিয়া সেইসকল পৰ্যটকে একেখন বিমানেৰে আহি ছিক্কিমত উকস্থিত হ’ব পাৰিব আৰু অহা যোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহ’ব ৷ ”