শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প্ৰথম ৰামভক্ত,পিছতহে উপমুখ্যমন্ত্ৰী

প্ৰথম ৰামভক্ত,পিছতহে উপমুখ্যমন্ত্ৰী

আঢ়ৈ বছৰৰ দৰমহা দিলে ৰামৰ নামত

লক্ষ্ণৌ,২৪জানুৱাৰী : উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই তেওঁৰ ৩০ মাহৰ দৰমহা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দান হিচাপে আগবঢ়াইছে ৷ আজি তেওঁ এই চেকখন ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ সম্পাদক চম্পট ৰায় আৰু স্বামী বসুদেৱানন্দ ৰাম সৰস্বতীৰ হাতত অৰ্পণ কৰে ৷ চেকখন অৰ্পণ কৰাৰ পিছত তেওঁ কয়“মই এগৰাকী ৰাম ভক্ত৷মই এই কথা ক’বলৈ ভাল পাম যে মই প্ৰথম এগৰাকী ৰামভক্তহে তাৰ পিছতহে মই ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী ৷ ”উপমুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীসকলৰ হৈ ১.১০ কোটি টকাৰ চেকো প্ৰদান কৰে ৷ উপমুখ্যমন্ত্ৰী গৰাকীয়ে কয়“আমাৰ পাঁচটা প্ৰজন্মই কেৱল এই মন্দিৰ নিৰ্মাণৰ বাবেই যুঁজ দিলে আৰু এতিয়া এই মন্দিৰ নিৰ্মাণৰ সুযোগ আহিছে ৷ গতিকে আমি সকলোৱে সহযোগিতা আগবঢ়োৱা উচিত ৷ ”