দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিকল্প বিচাৰিব তীখাৰ

বিকল্প বিচাৰিব তীখাৰ

তীখা উদ্যোগীক সকীয়নি

নতুন দিল্লী,২৪ জানুৱাৰী : নিৰ্মাণ কাৰ্যত ব্যৱহৃত অতি প্ৰয়োজনীয় কেঁচা সামগ্ৰী যেনে তীখা তথা চিমেণ্টৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিয়ে যে অকল সাধাৰণ জনতাকে জলাকলা খুৱাইছে তেনে নহয়,চৰকাৰৰ বিভিন্ন বিভাগৰ বৰমূৰীয়া সকলো এনে মূল্যবৃদ্ধিৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ এতিয়া এই বিষয়ে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাদকাৰীয়ে এক সভাত অংশগ্ৰহণ কৰি তীখা উদ্যোগৰ প্ৰতি কঠোৰ সকিয়নী প্ৰদান কৰিছে ৷ মন্ত্ৰী গাদকাৰীৰ মতে তীখা নিৰ্মাণত ব্যৱহাৰ হোৱা  কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি নোহোৱা স্বত্বেও তথা কৰ্মচাৰী সকলৰ দা-দৰমহা প্ৰায় একে পৰ্যায়তে বছৰ বছৰ ধৰি থকাৰ পাছতো তীখাৰ বজাৰ মূল্য বছৰ বছৰ ধৰি বৃদ্ধি হোৱাৰ কোনো যুক্তি নাই ৷

গতিকে এনে অযুক্তিকৰ তথা ৰাইজক মাধামাৰ সোধাই মুনাফা লুটা তীখা উদ্যোগে যদি নিজৰ এনে অনৈতিক বাণিজ্যিক নীতি আগন্তুক দিনত পৰিৱৰ্তন নকৰে,তেন্তে মন্ত্ৰী গাদকাৰীৰ নেতৃত্বাধীন পথ পৰিবহন বিভাগে তীখাৰ পৰিৱৰ্তে বিকল্প সামগ্ৰী যেনে ছিনথেটিক ফাইবাৰ বা ৰেইনফৰ্চড ফাইবাৰ দলং বা অনান্য নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ব বুলি মন্ত্ৰীজনে সকীয়াই দিয়ে ৷ উল্লেখযোগ্য যে এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গাদকাৰীয়ে নিৰ্মাণ কাৰ্যৰ লগত জড়িত অভিযন্তা তথা বিশেষজ্ঞ সকলক তীখা বা আন পৰস্পৰাগত নিৰ্মাণ সামগ্ৰীৰ পৰিৱৰ্তে বিকল্প সামগ্ৰীৰ উদ্ভাৱন কৰিবলৈ আহ্বান জনাই যাতে এনে বিকল্প সামগ্ৰীৰ পৰা অহা বাণিজ্যিক প্ৰত্যাহ্বানৰ বাবে তীখা উদ্যোগীসকলে মূল্য বৃদ্ধি কৰাৰ আগতে দুবাৰ ভাৱিবলৈ বাধ্য হয় ৷