বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মহাৰাষ্ট্ৰৰ পৰা কৃষক গৈছে

মহাৰাষ্ট্ৰৰ পৰা কৃষক গৈছে

শাৰদ পাৱাৰেও অংশ ল’ব এই সমদলত

মুম্বাই,২৪ জানুৱাৰী : মহাৰাষ্ট্ৰৰ ২১ খন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় এহেজাৰ কৃষক আহি নাছিকত সমৱেত হৈছে ৷ তাৰ পৰা মুম্বাই অভিমুখে একেলগে যাত্ৰা কৰিব এই কৃষকসকল ৷ এই কৃষকসকলক সংগ দিব ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছৰ নেতা শাৰদ পাৱাৰে ৷ উল্লেখযোগ্য যে মুম্বাইৰ পৰা ১৫০ কিঃমিটাৰ অতিক্ৰমি দিল্লীত উপনীত হোৱাৰ লক্ষ্য হ’ল কৃষি আইনৰ বিৰোধিতা কৰি ট্ৰেক্টৰ সমদল ওলিওৱা ৷ বিভিন্ন সৰু বৰ কৃষক সংগঠনেও একেখন বেনাৰ অৰ্থাৎ সদৌ ভাৰত কৃষক সভাৰ অধীনত প্ৰতিবাদ কৰিবলৈ একত্ৰিত হৈছে ৷

নাছিকৰ পৰা অহা এই কৃষকৰ সমদলটোৱে গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীত ট্ৰেক্টৰ ৰেলীত অংশ ল’ব ৷ ইতিমধ্যে দিল্লী আৰক্ষীৰ পৰা ইয়াৰ বাবে অনুমতি লাভ কৰিছে ৷ উল্লেখযোগ্য যে প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মাজত এতিয়ালৈকে ১১খন বৈঠক অনুষ্ঠিত হৈছে যদিও কোনো সমাধান সূত্ৰ ওলোৱা নাই ৷ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ট্ৰেক্টৰ সমদল বন্ধ কৰাৰ বাবে দিল্লী আৰক্ষীৰ দ্বাৰা ন্যায়ালয়ত আৱেদন জনাইছিল যদিও ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ নকৰাৰ সিন্ধান্ত ল’লে ৷