দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘মিলু মামা’ আৰু নাই…

‘মিলু মামা’ আৰু নাই…

জীৱন নাট সামৰি গুছি গ’ল উভতি নহাৰ বাটেৰে ৷ লিখিছে অনুপম হাজৰিকাই

গুৱাহাটী,২৪ জানুৱাৰী : অসমৰ প্ৰসিদ্ধ নাট্যকাৰ সেৱাব্ৰত বৰুৱাই আজি পুৱা ৫:৩০ বজাত গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে ইহলীলা সম্বৰণ কৰে। প্ৰসিদ্ধ নাট্যকাৰ গৰাকী গুৰুতৰ ভাবে অসুস্থ হৈ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে যোৱা ২৮ নৱেম্বৰত নাট্যকাৰ বৰুৱা  উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ষ্ট্ৰক হোৱাৰ ফলত ততাতৈয়াকৈ বিহপুৰীয়াৰ নিজা ঘৰৰ পৰা আনি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ  এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মগজুৰ এক জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰি চিকিৎসালয় খনে বৰুৱাক ঘৰলৈ যাবলৈ দিছিল ৷ অৱশ্যে গুৱাহাটীৰ অস্থায়ী ঘৰত ৰাখি জিৰণি লোৱাৰ লগতে পৰিয়ালৰ লোকে ফিজিওথেৰাপি কৰাইছিল নাট্যকাৰ গৰাকীক।

তেখেত ক্ৰমাৎ সুস্থ হ’বলৈ ধৰাত পৰিয়ালৰ লগতে তেখেতৰ গুণমুগ্ধ সকল আনন্দিত হৈছিল যদিও যোৱা ৯ জানুৱাৰীত তেখেতৰ স্বাস্থ্য পৰীক্ষাত কিডনী বিকল হোৱাৰ কথা ধৰা পৰে আৰু পূৰ্বৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল। কিন্তু ক্ৰমাৎ বিশিষ্ট নাট্যকাৰ গৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্ট নাট্যকাৰ সকলৰ অন্যতম জনপ্ৰিয় নাট্যকাৰগৰাকীৰ মৃত্যুৰ খবৰে ম্ৰিয়মান কৰি তুলিছে ৰাজ্যবাসীক। সৰুৰে পৰা নাটক ভাল পাইছিলোঁ, আমাৰ জন্মস্থান বিহপুৰীয়াত প্ৰায় সকলোবোৰ আগশাৰীৰ থিয়েটাৰ আহিছিল।তেতিয়াৰ পৰাই বুজা নুবুজা দিনৰ পৰাই চাইছিলোঁ সেৱাব্ৰত বৰুৱাৰ নাটক। বিহপুৰীয়াত প্ৰতি বছৰে অনুষ্ঠিত হৈছিল ৰাস। বিহপুৰীয়াত ৰাস বুলিলেই মনলৈ আহে কংসৰ ৰূপত সেৱাব্ৰত বৰুৱাৰ অভিনয়।কেৱল নাট্যকাৰ বা পৰিচালক নহয়, তেখেত আছিল এগৰাকী অভিনেতাও।

আশীৰ দশকৰ আৰম্ভণিতে তেওঁ অনিৰ্বাণ থিয়েটাৰত অভিনয় কৰিছিল । উক্ত নাট্যদলত ভবেন বৰুৱা ৰচিত ‘কুশল কোঁৱৰ’ নাটকখনত কুশলৰ চৰিত্ৰত তেওঁ কৰা অভিনয় আজিও দৰ্শকৰ মনত সোমাই আছে। এমেচাৰ থিয়েটাৰৰ বাবে অসংখ্য নাটক লিখাৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰত অজস্ৰ নাটক উপহাৰ দিছিল নাট্যকাৰ সেৱাব্ৰত বৰুৱাই। অধুনালুপ্ত অপ্সৰা থিয়েটাৰৰ বাবে লিখা ‘বালিঘৰ’ নামৰ নাটকখনেই আছিল ভ্ৰাম্যমাণ থিয়েটাৰত সেৱাব্ৰত বৰুৱাৰ প্ৰথমখন নাটক। ইয়াৰ পিছত ভ্ৰাম্যমাণৰ বাবে এখনৰ পিছত এখনকৈ নাটক ৰচনা কৰি গৈছিল তেওঁ । ‘শৈশৱতে ধেমালিতে’, ‘মমতাৰ চিঠি’, ‘নেদেখা চাকি’, ‘যৌতুক’, ‘গৰখীয়া ল’ৰাৰ গান’, ‘দখল’, ‘বেদখল’, ‘বলাৎকাৰ’, ‘ৰং নাম্বাৰ’, ‘চেনাই মই যাওঁ দেই’, ‘দৃষ্টিদান’, ‘কাঠমাণ্ডুৰ দেৱযানী’, ‘মাক আৰু মৰম’, ‘পবিত্র পাপী’, ‘অশ্লীল’,  ‘লগন উকলি গ’ল’ আদিকে ধৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ১০০ৰো অধিক নাটক ৰচনা কৰি অসমৰ নাট্য জগতক চহকী কৰি গ’ল সেৱাব্ৰত বৰুৱাই ।

উল্লেখযোগ্য যে ১৯৪৮ চনৰ ১৬ জুলাইত যোৰহাটত জন্ম গ্ৰহণ কৰিছিল প্ৰয়াত বৰুৱাই । মুক্তি যোদ্ধা যোগেশ্বৰ বৰুৱা আৰু কমলা বৰুৱাৰ প্ৰথম সন্তান সেৱাব্ৰত বৰুৱাই বিহপুৰীয়াৰ লোহিত ডিক্ৰং উচ্চ মাধ্যমিক (এতিয়া উচ্চতৰ মাধ্যমিক) বিদ্যালয়ত স্কুলীয়া শিক্ষা, দৰং কলেজ আৰু যোৰহাটৰ জে বি কলেজত কলেজীয়া শিক্ষা সম্পন্ন কৰিছিল। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক প্ৰকৃতাৰ্থত নব্যৰূপ দিছিল সেৱাব্ৰত বৰুৱাই।চিনেমেটিক ট্ৰিটমেণ্ট দি সেৱাব্ৰত বৰুৱাৰ ৰচিত আৰু পৰিচালিত নাটক সমূহত দেখা গৈছিল বাণিজ্যিক চিনেমাত দেখাৰ দৰে নায়ক নায়িকাৰ মাৰ্জিত গীত নৃত্য।আজিকালিৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকত নৃত্য গীতৰ অধিক প্ৰয়োগেৰে থিয়েটাৰৰ মাদকতা বিনষ্ট হোৱা বুলি অভিযোগ দেখা যায়।

সেৱাব্ৰত বৰুৱাৰ নাটকত কিন্তু বিনষ্ট হোৱা নাছিল সেই মাদকতা। বিহপুৰীয়াৰ ৰাস আৰু অসমৰ প্ৰায় প্ৰতিখন ভ্ৰাম্যমাণ থিয়েটাৰৰ শিবিৰত সেৱাব্ৰত বৰুৱাক ওচৰৰ পৰা পাইছিলোঁ এক বিশেষ ৰূপত।বিহপুৰীয়াৰ ঘৰুৱা মিলু মামাক (আমি মামা বুলি মাতিছিলোঁ, বাকী সকলোৰে বাবে আছিল মিলুদা অথবা বৰুৱা ছাৰ) এক নতুন ৰূপত পাইছিলোঁ থিয়েটাৰৰ শিবিৰত।তেখেতৰ মৃত্যু অসমৰ নাট্য জগতৰ বাবে এক বৃহৎ ক্ষতি। আজি অশ্ৰুসিক্ত নয়নেৰে জনাইছোঁ পৰিয়ালৰ সকলোকে গভীৰ সমবেদনা।বিদায় মিলু মামা….