সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অলিম্পিক পালেহিয়েই,সাজু হোৱা নাই টকিঅ’

অলিম্পিক পালেহিয়েই,সাজু হোৱা নাই টকিঅ’

হ্ৰাস পাইছে জাপানী প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা

টকিঅ’,২৫ জানুৱাৰী : জাপানৰ প্ৰধানমন্ত্ৰী য়ছীহাইদ ছুগা শেহতীয়াকৈ কৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপক লৈ কঠোৰভাৱে সমালোচিত হৈছে ৷ বিৰোধী দলেও প্ৰধানমন্ত্ৰী গৰাকীক কঠোৰ সমালোচনা কৰিছে ৷ উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকলৈ মাত্ৰ ৬ মাহ থকা  পিছতো জাপান ইয়াৰ বাবে যেনেকৈ প্ৰস্তুত হ’ব লাগিছিল সেই হিচাপে প্ৰস্তুত হোৱা নাই ৷ ছুগাৰ কেবিনেটৰ সমৰ্থন বিগত মাহত ৩৯% ৰ পৰা ৩৩% লৈ হ্ৰাস পাইছে ৷

এই সমীক্ষা টেলিফোনৰ জৰিয়তে চলোৱা হৈছিল আৰু ইয়াত অংশগ্ৰহণ কৰা ৮০% লোকেই বিগত ডিচেম্বৰ মাহত পুনৰ ক’ভিড সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ত সঠিক ব্যৱস্থা অৰ্থাৎ জৰুৰীকালীন ব্যৱস্থা গ্ৰহণত পলম হোৱাৰ বাবে দেশবাসী যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা বুলি ক’ব খোজে ৷ টকিঅ’ত আভ্যন্তৰীণ পৰ্যটন বন্ধ নকৰাৰ ফলত ক’ভিডৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱা বুলি কয় য়ছিহিট’নিকি নামৰ এগৰাকী সংক্ৰমণ বিশেষঞ্জই ৷ ছুগাই সঠিক সময়ত সঠিক পদক্ষেপ নোলোৱাৰ বাবেই দেশখনত এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি কৰিলে যাৰ ফলত আগন্তুক অলিম্পিকতো ইয়াৰ প্ৰভাৱ পৰিব-এনেদৰে কয় সমালোচকসকলে ৷