দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কংগনাক গুৰুত্ব দিয়ে,কৃষকক পাত্তা নিদিয়ে

কংগনাক গুৰুত্ব দিয়ে,কৃষকক পাত্তা নিদিয়ে

মহাৰাষ্ট্ৰৰ ৰাজ্যপালক সমালোচনা পাৱাৰৰ

মুম্বাই,২৫ জানুৱাৰী : ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ অধ্যক্ষ শাৰদ পাৱাৰে আজাদ ময়দানত সমবেত হোৱা কৃষকসকলক উদ্দেশ্যি কয় যে মহাৰাষ্ট্ৰই এনেকুৱা এজন ৰাজ্যপাল পালে যিজনৰ কংগনা ৰাণাৱটক সাক্ষাতৰ বাবে হাতত সময় থাকে কিন্তু কৃষকক সাক্ষাতৰ বাবে হাতত সময় নাই ৷ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কছিয়াৰীক সমালোচনা কৰি তেওঁ কয় “মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ এইয়া দুৰ্ভাগ্য যে এনেকুৱা এজন ৰাজ্যপাল যি কংগনাক গুৰুত্ব দিয়ে কৃষকক গুৰুত্ব নিদিয়ে ৷ ” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি তেওঁ কয় “উত্তৰ প্ৰদেশ,হাৰিয়ানা,পঞ্জাৱৰ কৃষকে বিগত ষাঠি দিন ৰ’দ,বৰষুণ,ঠাণ্ডাত প্ৰতিবাদ কৰি আছে,প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই খবৰ পাইছেনে ? তেওঁলোকতো পাকিস্তানী নহয় ? ”উল্লেখযোগ্য যে আজাদ ময়দানত সমবেত কৃষকসকলে ৰাজ্যপালগৰাকীক সাক্ষাতৰ বাবে গৈছিল যদিও আৰক্ষীয়ে অনুমতি নিদিলে ৷