বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / কমলাবাৰীলৈ কি যাব,থুৱাই ভাগৰ লাগিব

কমলাবাৰীলৈ কি যাব,থুৱাই ভাগৰ লাগিব

মুখ্যমন্ত্ৰীৰ মাজুলীলৈ যোৱা পাৰঘাট তথৈবচ

যোৰহাট,২৫ জানুৱাৰী : যোৰহাট মাজুলীৰ সংযোগী পাৰঘাটসমূহৰ ভিতৰত কমলাবাৰী ঘাট  অন্যতম । মাজুলীৰ হৃদপিণ্ড স্বৰূপ এই কমলাবাৰী ঘাটৰ সামগ্ৰীক উন্নয়নৰ দিশত যেন আজিও যথেষ্ট পিছ পৰি আছে ।দেশ বিদেশৰ যথেষ্ট সংখ্যক পৰ্যটক কমলাবাৰী পাৰঘাটেৰেই মাজুলীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে কিন্তু পৰিতাপৰ কথা হ’ল কমলাবাৰী পাৰঘাটত নাই এটা ৰাজহুৱা টয়লেট , ৰ’দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ নাই এটা অতিথি গৃহ , অথবা পৰ্যটকৰ সুবিধা হোৱাকৈ এটা স্থায়ী অটোষ্টেণ্ড।

মাজুলীৰ কমলাবাৰীৰ বিশিষ্ট ব্যক্তি যাদব বৰাই কমলাবাৰী পাৰঘাটৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি কয় “কমলাবাৰী পাৰঘাট যোৰহাট মাজুলী সংযোগী এটা অন্যতম প্ৰধান ঘাট । এই ঘাটেৰেই যোৰহাটৰ লগত সংযোগ কৰিছে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কমলাবাৰী আৰু গড়মূৰক। তথাপি এই ঘাটটোৰ অৱস্থা আজিও উন্নত নহ’ল।

সৌন্দৰ্য উপভোগৰ বাবে মাজুলীলৈ ঢাপলি মেলা দেশী বিদেশী পৰ্যটকে ঘাটটোৰ লেতেৰা পৰিবেশৰ বিষয়ে কেইবাবাৰো অভিযোগ কৰাৰ পিছতো প্ৰশাসনে আজিলৈকে একো ব্যৱস্থা গ্ৰহণ নকৰিলে । মাজুলীৰ শিক্ষিত যুৱক দীপক ভূঞাঁই মন্তব্য কয় ” প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ মাজুলীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকে যেতিয়া অপৰিস্কাৰ কমলাবাৰী ঘা‌টেৰে মাজুলীলৈ আহিব লগা হয় তেওঁলোকৰ মাজুলীৰ প্ৰতি থকা ধাৰণা ৮০শতাংশ সলনি হৈ যায় , ইয়াৰ লগতে এটা ব্যস্ত ঘাটত থাকিবলগা ন্যুনতম সুবিধাখিনিৰ পৰাও বঞ্চিত এই কমলাবাৰী পাৰঘাট ।”