বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পদ্মভূষণ তৰুণ গগৈ

পদ্মভূষণ তৰুণ গগৈ

প্ৰয়াত তিনিগৰাকী ৰাজনীতিকে পালে এই সন্মান

নতুন দিল্লী,২৫ জানুৱাৰী : আজি কেন্দ্ৰীয় চৰকাৰে দেশৰ এক সৰ্বোচ্চ সন্মান পদ্মভূষণৰ বাবে নামসমূহ ঘোষণা কৰিছে ৷ উল্লেখযোগ্য দেশৰ তিনিগৰাকী জ্যেষ্ঠ ৰাজনীতিকক এই সন্মান আগবঢ়োৱা হৈছে ৷ এই সন্মান লাভ কৰা তিনিগৰাকীয়েই মৰণোত্তৰভাৱে এই সন্মান লাভ কৰিছে ৷ তেওঁলোক হ’ল ক্ৰমে অসমৰ সদ্যপ্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ, সদ্যপ্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱান,প্ৰাক্তন গুজৰাটৰ মুখ্যমন্ত্ৰী কেছুভাই পেটেল ৷