সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিশ্ব দৰবাৰলৈ যাব শংকৰদেৱৰ সৃষ্টি

বিশ্ব দৰবাৰলৈ যাব শংকৰদেৱৰ সৃষ্টি

'শংকৰদেৱ মহোৎসৱ' হ’ব নগাঁৱত

নগাওঁ,২৫ জানুৱাৰীঃ অসমীয়া জাতীয় জীৱনৰ প্ৰধান নায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী প্ৰতিভাক  জগতবাসীৰ সন্মুখত দাঙি ধৰিবলৈ লগতে নতুন প্ৰজন্মৰ মাজত তেখেতৰ আদৰ্শ নকৈ আলোকিত কৰি বিশ্বভাতৃত্বৰ সুৰধ্বনিত আলোড়িত হোৱাৰ মহান উদ্দেশ্য আগত ৰাখি অহা ২৯ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে গুৰুজনাৰ জন্মভূমি বৰদোৱা আৰু নগাঁৱত আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ। আজি এখন সংবাদ মেলত এই কথা সদৰী কৰে অনুষ্ঠানৰ আহ্বায়ক মণ্ডলীয়ে। সৰ্বভাৰতীয় পৰ্যায়ৰ সাংস্কৃতিক অনুষ্ঠান মাধৱ সংস্কৃতি ন্যাস আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ যৌথ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হ’ব। সংবাদমেলত আহ্বায়ক মণ্ডলীয়ে সদৰী কৰা মতে, ২৯ জানুৱাৰীত মহোৎসৱৰ প্ৰথম কাৰ্যসূচী আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।

নগাঁও চহৰৰ খগেন মহন্ত সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই আলোচনা চক্ৰত দেশ-বিদেশৰ ১৫ জন সমল ব্যক্তি তথা পণ্ডিতে বিশেষ বক্তৃতা প্ৰদান কৰিব। তদুপৰি দেশ-বিদেশৰ তিনিশ গৱেষক,অধ্যাপক,ছাত্র-ছাত্রী আৰু বিদ্যানুৰাগীয়ে অংশগ্ৰহণ কৰিব। সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ বন্তি প্ৰজ্বলনৰে আৰম্ভ হ’বলগীয়া অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ বিশেষজ্ঞ সমিতিৰ সদস্য তথা আমেৰিকা যুক্তৰাষ্ট্ৰত নিউইয়ৰ্ক  ষ্টেট বিশ্ববিদ্যালয়ৰ এসময়ৰ অধ্যাপক ডঃ বি ৰামস্বামী,বিশিষ্ট চিন্তাবিদ তথা হাৰিয়ানা বিত্ত আয়োগৰ উপদেষ্টা, কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য  ডঃ এম এম গোৱেল,বাংলাদেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা সুবোধ চন্দ্ৰ দাস,নেপালৰ অধ্যাপক শংকৰ থাপা আদিয়ে অংশগ্ৰহণ কৰিব ।

সমল ব্যক্তি হিচাপে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অমলেন্দু চক্ৰৱৰ্তী,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা,বিশিষ্ট গৱেষক ডঃ পৱিত্ৰ প্ৰাণ গোস্বামী,সত্ৰীয়া শিল্পী ডঃ ভৱানন্দ বৰবায়ন,অল ইণ্ডিয়া ৰেডিঅ’ৰ বিশিষ্ট গৱেষক ডঃ দ্বীপেন্দ্ৰ কুমাৰ মজুমদাৰ,বিশিষ্ট শংকৰী চিন্তাবিদ প্ৰভাত চন্দ্ৰ দাস,ডঃ সঞ্জীৱ কুমাৰ বৰকাকতী,গৱেষক ডঃ নৰকান্ত অধিকাৰী,লিখক ডঃ পৰশমনি দাস,বিহাৰৰ মিথিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ পুস্পম নাৰায়ণ,শংকৰী পণ্ডিত ডঃ নৰেন কলিতা আদিয়ে ভাষণ প্ৰদান কৰিব। আলোচনা চক্ৰৰ শেষৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। আলোচনা চক্ৰখনত শৈক্ষিক সহযোগিতা আগবঢ়াইছে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়,নগাঁও মহাবিদ্যালয়,আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়,মৰিগাঁও মহাবিদ্যালয়,খাগৰিজান মহাবিদ্যালয়,ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় আৰু মাজুলী মহাবিদ্যালয়ে।

এই মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আলোচনা চক্ৰখনত এখন সাৰাংশ গ্ৰন্থ আৰু এখন পূৰ্ণ পৰ্যায়ৰ গ্ৰন্থ প্ৰকাশ পাব।৩০ আৰু ৩১ জানুৱাৰীত বটদ্ৰৱা সত্ৰত অনুষ্ঠিত হব অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচী। শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ আই খেৰসূতি মঞ্চখনকেই মূল মঞ্চ হিচাপে কেন্দ্ৰ কৰি বৰদোৱাৰ ওচৰে পাজৰে অৱস্থিত  কেইবাখনো সত্ৰ ক্ৰমে শ্ৰী শ্ৰী ভেটিয়নি নৰোৱা সত্ৰ,শ্ৰী শ্ৰী আইভেটি শলগুৰি সত্ৰ,শ্ৰী শ্ৰী কৰচুং সত্ৰ,শ্ৰী শ্ৰী নৰোৱা কুঁঁজি সত্ৰ,শ্ৰী শ্ৰী নৰোৱা বালিসত্ৰ,শ্ৰী শ্ৰী আউনীআটি সত্ৰ আৰু শ্ৰী শ্ৰী আইলক্ষ্মী সত্ৰ প্ৰতিখনতেই সমানে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি যেনে বৰগীত,অংকীয়া ভাওনা,নৃত্য আদিৰ প্ৰদৰ্শন হব।

এই দুয়োটা দিনতেই আকাশী গংগাৰ পাৰত দুই শতাধিক শিল্পীয়ে ৰং-তুলিকাৰে গুৰুজনাৰ সৃষ্টি সমূহক নতুন দৃষ্টিৰে ৰঙীন কৰি তুলিব। তদুপৰি তিনিশ কবিয়ে কবিতাৰে মুখৰিত কৰি গুৰুজনাৰ জন্মস্থানলৈ কঢ়িয়াই আনিব আনন্দ আৰু ভক্তিৰ জোৱাৰ। মূল মণ্ডপৰ নাতি দূৰত এক গুৰকূল আৰু অস্থায়ী নামঘৰৰ সন্মুখত চলিব অবিৰত ভাগৱত পাঠ। আহ্বায়ক মণ্ডলীয়ে সদৰী কৰা মতে ৰাজ্যৰ বিভিন্ন জিলাৰ শতাধিক সাংস্কৃতিক দল,বাৰশৰো অধিক শিল্পীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে নাম পঞ্জীয়ন কৰিছে। আহ্বায়ক মণ্ডলীয়ে সংবাদ মেলৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশিষ্টভাবে তুলি ধৰিবলৈ আৰু আগন্তুক পৰ্যায়ত গুৰুজনাৰ আগন্তুক ৫৭৫ সংখ্যক জন্মজয়ন্তী  (২০২৩-২৪ বৰ্ষত) এক বিশ্বব্যাপ্ত অনুষ্ঠান হিচাপে অনুষ্ঠিত কৰিবলৈ অসমবাসীক আহ্বান জনাইছে ৷