বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / ৰণলৈ সাজু কংগ্ৰেছ

ৰণলৈ সাজু কংগ্ৰেছ

ঘোষণা কৰিলে সমিতি

নতুন দিল্লী,২৫ জানুৱাৰী : অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি কংগ্ৰেছ দলে আজি কেইবাখনো সমিতি গঠন কৰিছে ৷ এই সমিতি কেইখন ক্ৰমে নিৰ্বাচনী সমিতি,ইস্তাহাৰ সমিতি,পৰিচালনা সমিতি,সমন্বয়ৰক্ষী সমিতি,প্ৰচাৰ সমিতি আৰু মেডিয়া সমিতি ৷ সভাপতি ৰিপুণ বৰাক ৰাজ্যিক নিৰ্বাচনী সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে আৰু এই সমিতিত মুঠ ২৩গৰাকী সদস্য থাকিব ৷ আনহাতে,সাংসদ প্ৰদ্যুত বৰদলৈৰ নেতৃত্বত নিৰ্বাচনী প্ৰচাৰ সমিতি গঠন কৰা হৈছে আৰু এই সমিতিত ৪৯ গৰাকী সদস্য থাকিব ৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক প্ৰচাৰ সমিতিৰ অধ্যক্ষ নিয়োগ কৰাৰ বিপৰীতে ইস্তাহাৰ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে সাংসদ গৌৰৱ গগৈক ৷ আনহাতে,প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাক নিৰ্বাচনী পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰিছে আৰু মেডিয়া সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব দিছে সাংসদ আব্দুল খালেকক ৷