বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / এনে গণতন্ত্ৰ আমাক নালাগে !

এনে গণতন্ত্ৰ আমাক নালাগে !

প্ৰতিবন্ধী হোৱাৰ দুখ যোৰহাটত

যোৰহাট,২৬ জানুৱাৰী : আজি গণৰাজ্য দিৱস । বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত এতিয়া সৰ্বত্ৰ গণতন্ত্ৰ দিৱস উদযাপনৰ ধুম উঠিছে , কোটি টকা খৰচ কৰি ৰাজধানীত কেন্দ্ৰীয় ভাৱে গণৰাজ্য দিৱস পালন কৰি বিশ্বৰ আগত ভাৰতীয় সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যবস্থাৰ গৰিমাৰ কথাৰে আকাশ বতাহ মুখৰিত কৰি তোলা হৈছে , কিন্তু জনসাধাৰণে প্ৰকৃততে গণতান্ত্ৰিক অধিকাৰ সমূহ লাভ কৰিবলৈ সক্ষম হৈছেনে ই এক লাখটকীয়া প্ৰশ্ন হৈ আজিৰ তাৰিখত জিলিকি ৰৈছে । কিয়নো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পুৱতি নিশা যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবন্ধী সকলে বিভিন্ন দাবী পূৰণৰ কাৰণে অনশনত বহিব লগা হৈছে ।

দিব্যাংগসকলক দিবলগীয়া মাহিলী ভাট্টা প্ৰদান, বিশেষভাৱে সক্ষম এইসকল লোকৰ নিযুক্তিৰ কাৰণে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষা অতি সোনকালে অনুষ্ঠিত কৰা আদিকে ধৰি প্ৰায় পাঁচটা দাবী পূৰণৰ অৰ্থে বিশেষ ভাৱে সক্ষম লোকসকলে ইমান দিনে কৰি অহা আন্দোলনৰ প্ৰতি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এই লোকসকলে অনশনত বহিবলৈ বাধ্য হয় । উজনি অসম প্ৰতিবন্ধী সুৰক্ষা সমিতি যোৰহাট জিলাৰ নেতা ৰমেন বৰাই এই সন্দৰ্ভত মন্তব্য কৰি কয় “ প্ৰতিবন্ধী হ’লেও আমাৰো আছে স্বচ্ছল ভাৱে জীয়াই থকাৰ অধিকাৰ । কল্যাণকামী ৰাষ্ট্ৰ হিচাপে দিব্যাংগসকলৰ কাৰণে চৰকাৰে গ্ৰহণ কৰিবলগীয়া আঁচনি সমূহৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, আমাৰ মাহিলি ভাট্টা আজি কেইবামাহ ধৰিও বন্ধ হৈ আছে, প্ৰতিবন্ধী সকলৰ নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে আজিলৈকে কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা নাই । আজি গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আমি প্ৰতিবন্ধী সকলে এই ঠাণ্ডাত অনশনত বহিব লগা হোৱাতকৈ গণতান্ত্ৰিক দেশৰ ডাঙৰ ট্ৰেজেডী কি হ’ব পাৰে । আমি আজি ইয়াৰ পৰাই চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ হয় আমাক জীয়াই থকাৰ সুবিধা প্ৰদান কৰক নহয় গুলীয়াই মাৰক। “