বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / কামটো বেয়া হ’ল !

কামটো বেয়া হ’ল !

উভতি আহক সীমান্তলৈ

ছণ্ডীগড়,২৬ জানুৱাৰী : দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত আজি কৃষক বিদ্ৰোহে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কৃষকসকলক নতুন দিল্লী ত্যাগ কৰি সীমান্তলৈ উভতি আহিবলৈ আহ্বান জনাইছে ৷ “দিল্লীত আজি এক অসহনীয় পৰিস্থিতিৰ সৃষ্টি হ’ল ৷ কিছুমান অবাঞ্চিত লোকে এই পৰিবেশ কৰিলে ৷ সেয়ে এতিয়া প্ৰকৃত কৃষকসকল উভতি আহক৷সীমান্তলৈ ৷ ”আজিৰ এই পৰিৱেশে কৃষকসকলক লক্ষ্যপ্ৰাপ্তিত বাধাৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “কৃষকসকলৰ শান্তিপূৰ্ণ প্ৰতিবাদত আজিৰ আচৰণে নঞৰ্থক প্ৰভাৱ পেলালে ৷ ”উল্লেখযোগ্য যে আজি প্ৰতিবাদী কৃষকসকলক আৰক্ষীয়ে প্ৰৱেশৰ ক্ষেত্ৰত বাধা দিছিল যদিও তেওঁলোকে বলপূৰ্বক প্ৰৱেশ কৰি লালকিল্লাত  কৃষকৰ পতাকা উত্তোলন কৰিছিল ৷