বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / যোগ্যজনলৈ যোগ্য সন্মান

যোগ্যজনলৈ যোগ্য সন্মান

সন্মানিত হ’ল গগৈ,উৎফুল্লিত পৰিয়াল

যোৰহাট,২৬ জানুৱাৰী : সদ্যপ্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে হ’লেও পদ্মবিভূষণ উপাধি প্ৰদান কৰাত উৎফুল্লিত পৰিয়ালৰ লগতে তিতাবৰবাসী ।  জ্যেষ্ঠ ভাতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই সন্মান লাভ কৰা সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাতৃ  দীপ গগৈয়ে কয় “ কেন্দ্ৰীয় চৰকাৰে প্ৰয়াত নেতাজনলৈ আগবঢ়োৱা এই সন্মানত আমি সঁচাকৈয়ে গৌৰৱবোধ কৰাৰ লগতে আনন্দিত হৈছোঁ । মৃত্যুৰ পিছত হ’লেও তেওঁৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শন কৰা হৈছে ।

” যোৰহাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা তিতাবৰ বিধানসভা সমষ্টিৰ এইবাৰ সম্ভাৱ্য প্ৰাৰ্থী একালৰ ৰাজনৈতিক সতীৰ্থ প্ৰাণ কুৰ্মীয়ে কয় ” যোগ্যজনলৈ যোগ্য সন্মান । তেওঁৰ বাবে সমগ্ৰ তিতাবৰবাসী ৰাইজ আজি গৌৰৱান্বিত । অসমৰ ৰাইজে কেতিয়াও নাপাহৰে তেওঁক। ” মৃত্যুৰ পিছত হ’লেও পিতৃক উপযুক্ত সন্মান প্ৰদৰ্শন কৰা বাবে কেন্দ্ৰীয় চৰকাৰক  ধন্যবাদ জ্ঞাপন কৰি গৌৰৱ গগৈয়ে কয় ” দেউতা প্ৰায় ৰাইজৰ মাজত আছিল , ৰাইজৰ কথাই চিন্তা কৰিছিল মৃত্যুৰ আগমূহুৰ্তলৈকে , এই সন্মান ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ চিন , গতিকে এই সন্মান অসমৰ ৰাইজলৈ বুলি আগবঢ়ালোঁ ৷ ”