বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / অপহৃত বিষয়াক মৃত্যুদণ্ড !

অপহৃত বিষয়াক মৃত্যুদণ্ড !

১৬ ফেব্ৰুৱাৰীৰ পিছত আৰু বাট নাচায়

গুৱাহাটী,২৭ জানুৱাৰী : অইল কোম্পানী কুইপোৰ ৰেডিঅ’ অপাৰেটৰ ৰাম কুমাৰক মৃত্যুদণ্ড বিহাৰ ভাবুকি দিছে আলফা স্বাধীনে। অহা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপ’ৰ বিষয়াগৰাকীৰ মুক্তিৰ ক্ষেত্ৰত কোম্পানীটোৱে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ১৭ ফেব্ৰুৱাৰীত মৃত্যুদণ্ড দিয়া হ’ব বুলি এক বিবৃতিযোগে জনাইছে সশস্ত্ৰ সংগঠনটোৱে। উল্লেখযোগ্য যে কুইপো কোম্পানীৰ বিষয়া দুগৰাকীক বিগত ২২ডিচেম্বৰত আলফাই অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পৰা অপহৰণ কৰিছিল ৷

আলফা স্বাধীন আৰু নেশ্যনেল চ’ছিয়েলিষ্ট কাউঞ্চিল অব নাগালেণ্ড (খাপলাং) ৰ নেতৃত্বই অভিযন্তা প্ৰণৱ গগৈ আৰু ৰেডিঅ’গ্ৰাফাৰ ৰাম কুমাৰক  অপহৰণ কৰি দুই কোটি টকা কোম্পানীৰ পৰা দাবী কৰিছিল ৷ কুইপ’ কোম্পানীৰ তৰফৰপৰা এই বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰাৰ বিষয়টোত খড়্গহস্ত হৈয়ে আজি সংগঠনটোৱে চূড়ান্ত সকীয়নি বাৰ্তা প্ৰেৰণ কৰিছে ৷

কোম্পানীটোৱে অহা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে,কোম্পানীটোক অসমৰ লগতে সমগ্ৰ দক্ষিণ পূব এছিয়াত নিষিদ্ধ কৰা হ’ব বুলিও জানিবলৈ দিছে কোম্পানীটোৱে ৷ ইতিমধ্যে থলুৱা কৰ্মচাৰীসকলক  জীৱিকাৰ  বিকল্প পথৰ সন্ধান কৰিবলৈও আহ্বান জনাইছে সংগঠনটোৱে ৷