সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ক্ৰয় কৰাৰ লোকচান,বিক্ৰেতাৰ লাভ

ক্ৰয় কৰাৰ লোকচান,বিক্ৰেতাৰ লাভ

গৃহ নিৰ্মাণ প্ৰতিষ্ঠান সমূহৰ বাবে সুখবৰ

মুম্বাই,২৭ জানুৱাৰীঃ বিগত দুটা বছৰ ভাৰতৰ ৰিয়েল ইষ্টেট চেক্টৰ বা গৃহ নিৰ্মাণ প্ৰতিষ্ঠান সমূহৰ বাবে বৰ সুখৰ দিন নাছিল ৷ দেশৰ অৰ্থনীতি বা গড় জনমূৰি আয়ৰ উন্নয়নৰ হাৰ আশানুৰূপ নোহোৱাৰ ফলস্বৰূপে বিভিন্ন উদ্যোগৰ লগতে গৃহ নিৰ্মাণ বা ৰিয়েল ষ্টেট প্ৰতিষ্ঠান সমুহৰ ব্যৱসায় বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল ৷ পৰৱৰ্তী সময়ত ২০২০বৰ্ষ কভি’ড মহামাৰীৰ বাবে গৃহ নিৰ্মাণ প্ৰতিষ্ঠান সমূহ আন এক বৃহৎ সমস্যাৰ সন্মুখীন হয় ৷ কিন্তু প্ৰখ্যাত আন্তৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ খণ্ডৰ গৱেষণা প্ৰতিষ্ঠান ’ নাইট ফ্ৰেংক’ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ৰিয়েল ইষ্টেট খণ্ড বা গৃহ নিৰ্মাণ উদ্যোগৰ দিন ভাললৈ আহিছে ৷

অনাগত ৬ মাহত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা কিন্তু বিক্ৰী নোহোৱা এক বৃহৎ সংখ্যক গৃহৰ বিক্ৰী সম্পূৰ্ণ হৈ উঠিব তথা ক’ভিড মহামাৰীৰ আৰম্ভ হোৱাৰ পূৰ্ব অৱস্থা পাবলৈ সক্ষম হ’ব ৷ ভাৰতৰ ৮ খন প্ৰধান মহানগৰীত নাইট ফ্ৰেংকে এই সংক্ৰান্তত এক সমীক্ষা চলাইছিল ৷ সমীক্ষাত প্ৰায় ৭৭% অংশগ্ৰহণকাৰীয়ে মত পোষণ কৰে যে আগন্তুক ৬মাহৰ ভিতৰত বিক্ৰীৰ বাবে সাজু হৈ উঠা গৃহৰ বিক্ৰী বৃদ্ধি পাব৷ অৱশ্যে এই সমীক্ষাত অংশগ্ৰহণ কৰা মাত্ৰ ৩৮% ব্যক্তিহে গৃহ সমূহৰ দাম বৃদ্ধি হ’ব বুলি মতপোষণ কৰিছে ৷ এই ৩৮% সমীক্ষাত অংশগ্ৰহণকাৰীৰ মতে গৃহ নিৰ্মাণ প্ৰতিষ্ঠান সমূহে বিভিন্ন ৰেহাই বা ডিচকাউণ্ট ঘোষণা কৰি গ্ৰাহকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব ৷