বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / জাতীয় ঐক্য সমাৰোহ পাতিয়েই আছে অগপই

জাতীয় ঐক্য সমাৰোহ পাতিয়েই আছে অগপই

শক্তি দেখুওৱাৰ প্ৰয়াস সকলোতে

যোৰহাট,২৭ জানুৱাৰী : আমগুৰিৰ বামুনপুখুৰীত আজি অগপৰ জাতীয় ঐক্য সমাৰোহ । এই সমাৰোহত উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা , কাৰ্যকৰী সভাপতি কেশৱ মহন্ত , আমগুৰি সমষ্টিৰ বিধায়ক তথা অগপৰ সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা, উপসভানেত্ৰী ৰেণুপমা ৰাজখোৱাৰ লগতে নৰেন সোণোৱাল,দ্বীপেন বৰুৱাৰ লগতে অসম মহিলা পৰিষদ,অসম যুৱ পৰিষদৰ বিষয়ববীয়া সকল । আমগুৰি নগৰৰ মাজেৰে সহস্ৰাধিক লোকৰ সমাবেশেৰে বিশাল বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন কৰি অগপৰ শক্তি যে আজিও অটুট আছে লগতে আমগুৰি সমষ্টিত যে অগপৰ বিকল্প নাই এয়া প্ৰমাণ কৰাৰ  চেষ্টা কৰে।

নতুন ৰাজনৈতিক দলসমূহক তীব্ৰ সমালোচনা কৰি অগপৰ সভাপতি অতুল বৰাই কয়  ” নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহৰ লগত কংগ্ৰেছৰ গোপন মিত্ৰতা আছে আৰু এই দলসমূহে নিৰ্বাচনত কংগ্ৰেছক সহায় কৰিব । ” আমগুৰিৰ বামুণপুখুৰীৰ অগপৰ জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় ” অসম জাতীয় পৰিষদৰ মূলমন্ত্ৰ অসম প্ৰথম, প্ৰায় আৰু চিৰদিন নহয়, আচলতে আন্দোলনৰ জৰিয়তে লুৰিণ প্ৰথম হ’বলৈ হে চেষ্টা কৰিছে । এতিয়া অজাপৰ নেতাসকলৰ মূল লক্ষ্য হ’ল ‘বিধায়ক প্ৰথম আৰু সদায়‌’। ব্যক্তিগত স্বাৰ্থ আগত ৰাখি আঞ্চলিক দল খুলি ৰাইজক বিপথে পৰিচালিত কৰিব খোজা এইসকল নেতাই অসম আৰু অসমীয়াৰ উন্নতিৰ কাৰণে কেতিয়াও চিন্তা নকৰে । ” জাতীয় ঐক্য সমাৰোহৰ নামত ভৃগু কাশ্যপকে ধৰি কেইবাজনো শিল্পী আমন্ত্ৰণ কৰি জনতাক আমোদ দিবলৈ চেষ্টা কৰা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা এইবাৰ আমগুৰি সমষ্টিৰ পৰা জয়ী হ’ব পাৰিবনে নাই সেইয়া সময়তহে ‌প্ৰমাণ হ’ব ।