মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / তাচপাতৰ ৰূপ ল’লে শ্বেয়াৰ মাৰ্কেটে

তাচপাতৰ ৰূপ ল’লে শ্বেয়াৰ মাৰ্কেটে

শ্বেয়াৰ বজাৰত ব্যাপক খহনীয়া

গুৱাহাটী,২৭জানুৱাৰী : মাত্ৰ কিছুদিন আগতে আমাৰ দ্বাৰা আগন্তুক দিনত ভাৰতীয় শ্বেয়াৰ বজাৰত এক উল্লেখযোগ্য পতন অহাৰ পূৰ্ণ সম্ভাৱনা আছে তথা এমাহৰ ভিতৰতে প্ৰায় ৮ – ১০% ছেনচেক্স ,নিফটী সূচাংকৰ পতন অহাৰ বিষয়ে বিনিয়োগকাৰী সকলক সাবধান কৰি দিয়া হৈছিল ৷ আমাৰ উক্ত সতৰ্কবাণীৰ পাছতেই ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচাংকৰ উল্লেখযোগ্য পতন বিগত দিনসমূহত পৰিলক্ষিত হৈছে ৷ মাত্ৰ আজিৰ দিনটোতে ছেনচেক্স সূচাংকৰ প্ৰায় ১০০০ পইণ্টৰ পতন ঘটাত বিনিয়োগকাৰী সকল যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ৷

আজিৰ এই শ্বেয়াৰ বজাৰৰ পতনৰ পৰা ৰিলায়েন্স,ষ্টেট বেংক অব ইণ্ডিয়া,মাৰুতি,টাটা মটৰছ ইত্যাদিৰ দৰে ভাৰতৰ বৃহৎ উদ্যোগিক প্ৰতিষ্ঠান কোনো বাদ নপৰিল ৷ ভাৰতৰ স্থানীয় বিনিয়োগকাৰীসকলৰ লগতে বিদেশী বিনিয়োগকাৰীসকলেও ব্যাপক হাৰত আজি তেওঁলোকে ইতিমধ্যে বিনিয়োগ কৰা প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰ বিক্ৰী কৰা পৰিলক্ষিত হয় ৷ শ্বেয়াৰ বজাৰৰ বিশেষজ্ঞ সকলৰ মতে আগন্তুক কেন্দ্ৰীয় বাজেট সংসদত উত্থাপন কৰালৈকে ভাৰতীয় শ্বেয়াৰ বজাৰৰ এনে নিম্নমুখী গতি অব্যাহত থাকিব ৷

বিশেষকৈ উদ্যোগ তথা মধ্যবিত্তৰ  কৰৰ বোজা ৰেহাইৰ বাবে ইতিমধ্যে বিত্তমন্ত্ৰীৰ ওচৰত বিভিন্ন প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ৷ এনেদৰে বিভিন্ন ৰেহাইৰ লগতে কৰৰ বোজা আগন্তুক বাজেটত হ্ৰাস কৰাৰ পাছতহে শ্বেয়াৰ বজাৰত কিছু উত্থান আহিব বুলি বিশেষজ্ঞ সকলে মত পোষণ কৰিছে ৷