মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / দীপ সিদ্ধুৱেই জগৰীয়া !

দীপ সিদ্ধুৱেই জগৰীয়া !

সমাজবিৰোধী চক্ৰৰ ষড়যন্ত্ৰৰ ফল কালিৰ ঘটনা

নতুন দিল্লী,২৭ জানুৱাৰী : প্ৰতিবাদী কৃষকসকলৰ সংগঠন সংযুক্ত কিষাণ মৰ্চাই কালি লালকিল্লাত  হোৱা পৰিস্থিতিৰ বাবে এক সমাজবিৰোধী চক্ৰক জগৰীয়া কৰিছে ৷ অভিনেতা দীপ সিদ্ধুকেই এই সমগ্ৰ ঘটনাৰ বাবে দোষী সাব্যস্ত কৰিছে মৰ্চাই ৷ কিষাণ মজদুৰ সংঘৰ্ষ সমিতি আৰু অভিনেতা দীপ সিদ্ধুৱে সুন্দৰভাৱে আৰু শান্তিপূৰ্ণভাৱে চলি থকা প্ৰতিবাদ এটাক এক হিংসাত্মক ৰূপ দিছে যিটোক কোনো কাৰণতে সহ্য কৰা নহ’ব ৷

কিষাণ মজদুৰ সংঘৰ্ষ সমিতিয়ে প্ৰতিবাদ আৰম্ভ হোৱাৰ ১৫ দিন পিছৰ পৰাই পৃথকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু কালিৰ সমগ্ৰ ঘটনা সেই সংগঠনৰ এক পৰিকল্পিত ষড়যন্ত্ৰ আছিল ৷ উক্ত সংগঠন  সংযুক্ত কিষাণ মৰ্চাৰ লগত জড়িত নহয় বুলিও স্পষ্ট কৰি দিছে সংগঠনটোৱে ৷