বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / পাঁচটা মৃতদেহ উদ্ধাৰ,৩টা উদ্ধাৰ হ’বলৈ বাকী

পাঁচটা মৃতদেহ উদ্ধাৰ,৩টা উদ্ধাৰ হ’বলৈ বাকী

শোকাৱহ দুৰ্ঘটনাই প্ৰাণ ল’লে মুঠ আঠ জনৰ

যোৰহাট,২৭জানুৱাৰী : যোৰহাটৰ বাঘমৰাত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হোৱা নাওঁ দুৰ্ঘটনাত সন্ধানহীন হোৱা লোক সকলৰ উদ্ধাৰ অভিযান তীব্রতৰ কৰি তুলিছে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে। উল্লেখযোগ্য যে বর্তমানেও ব্ৰহ্মপুত্ৰৰ বুকুত তিনিগৰাকী লোক সন্ধানহীন হৈ আছে।

সন্ধানহীন লোক সকলক উদ্ধাৰ কৰাৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে। বৰ্তমানলৈকে ৰাজিয়া টিকালা, চুফীয়ান চৌহান, চাহিল চৌহান আৰু প্ৰৱন ৰায়ৰ  লগতে এটি নবছৰীয়া  শিশুৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে।উল্লেখযোগ্য যে মঙলবাৰে বনভোজ খাবলৈ যোৱা এটা দলৰ নাও বাঘমৰাত ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাত পতিত হৈছিল।

উক্ত দুৰ্ঘটনাত মঙলবাৰে কেইবাগৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছিল যদিও সন্ধানহীন হৈ আছিল বহু লোক। এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীৰ লোকে মঙলবাৰৰ পৰাই সন্ধানহীন লোক সকলৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও আৰু তিনিজন লোকক উদ্ধাৰ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই । যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপাৰঞ্জি কাৰাটেই ঘটনাস্থলী পৰিদৰ্শন কৰি পশ্চিম যোৰহাট ৰাজহ চক্ৰৰ চক্ৰবিষয়া উদয় শংকৰ দত্তৰ নেতৃত্বত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰি কমিটি গঠন কৰি দিয়ে ।

উল্লেখযোগ্য যে কোনোধৰণৰ প্ৰতিৰক্ষা মূলক ব্যৱস্থা নোহোৱাকৈয়ে বাঘমৰা উইন্টাৰ কাৰ্নিভেলৰ নামত এচাম যুৱকে ৰিভাৰ ৰাফ্টিঙৰ নামত টকা ঘটি আহিছিল যাৰ ফলত আজিৰ এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে ৷