শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / আজিও ৰিঙিয়াই পথৰুঘাটে

আজিও ৰিঙিয়াই পথৰুঘাটে

কোনেও নুযুঁজোতেই যুঁজিছিল পথৰুঘটীয়াই

মঙলদৈ ,২৮ জানুৱাৰী : গুৱাহাটীৰ পৰা প্ৰায় ৪০০কিলোমিটাৰ দূৰত্বত অৱস্থিত পথৰুঘাট বৰ্তমানৰ দৰং জিলাৰ এখন সৰু ঠাই ৷ কিন্তু এই সৰু ঠাইখনতে ১৮৯৪ চনৰ ২৮ জানুৱাৰীত পৰাধীন ভাৰতৰ কৃষকে ইতিহাস ৰচনা কৰিছিল ৷ তদানীন্তন বৃটিছ উপনিৱেশ শাসকৰ দ্বাৰা কৃষকৰ মাটিৰ খাজনা ৭০-৮০% বৃদ্ধি কৰাৰ প্ৰতিবাদত পথৰুঘাটৰ কৃষকে ‘ৰাইজ মেল’ আহ্বান কৰিছিল ৷ ‘ৰাইজ মেল’ত  সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সমবেত হোৱা কেইবাশ কৃষকে বৃটিছ উপনিৱেশ শাসকৰ দ্বাৰা অতি অন্যায়ভাৱে তথা ইমান বৃহৎ পৰিমাণে মাটিৰ খাজনা বৃদ্ধি কৰাৰ সিন্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

কিন্তু অত্যন্ত নিৰ্দয়ভাৱে বৃটিছ উপনিৱেশ শাসকে শ শ নিৰস্ত্ৰ তথা শান্তিপূৰ্ণ ভাৱে সমবেত হোৱা পথৰুঘাটৰ কৃষকৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিছিল ৷ এই গুলীবৰ্ষণত ১০০তকৈ অধিক কৃষকৰ মৃত্যু হৈছিল ৷ নিৰপেক্ষ সূত্ৰৰ মতে এই গুলীবৰ্ষণত কেইবা শ কৃষকৰ মৃত্যু হৈছিল ৷ উল্লেখযোগ্য কুখ্যাত জালিৱানৱালাবাগ হত্যাকাণ্ডৰ ২৫ বছৰ আগতেই অসমৰ পথৰুঘাটৰ কৃষকৰ এই ৰক্তাক্ত অধ্যায় কিন্তু অসমৰ বাহিৰত সাধাৰণ ৰাইজ বৰকৈ অৱগত নহয় ৷ 

২০০১চনৰ ২৮ জানুৱাৰীত ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা পথৰুঘাটৰ শ্বহীদ সকলৰ স্মৃতিত এক স্মৃতিসৌধ নিৰ্মাণ কৰা হয় ৷ সেই সময়ৰ অসমৰ ৰাজ্যপাল তথা ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন উপ মুখ্য সেনাধ্যক্ষ এচ কে সিনহাই এই স্মৃতিসৌধ উন্মোচন কৰে ৷ প্ৰত্যেক বছৰৰ আজিৰ দিনটোত পথৰুঘাট তথা কাষৰীয়া অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজে বৃটিছ উপনিবেশ শাসকৰ গুলীত প্ৰাণ ত্যাগ কৰা কৃষক সকলৰ প্ৰতি উক্ত স্থানত শ্ৰদ্ধা নিবেদন কৰে ৷