মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / উজনিত বুজনি দিছে জামোৱালে

উজনিত বুজনি দিছে জামোৱালে

জামোৱালে কৈছে সকলো ভাল কাম বিজেপিয়েহে কৰিছে

যোৰহাট,২৮ জানুৱাৰী : ২০২১ ৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আৰু দুটা মাহ বাকী , ৰাজ্যৰ প্ৰধান বিৰোধী দল অসম প্ৰদেশ কংগ্ৰেছ যেন বিজেপিৰ সুপৰিকল্পিত নিৰ্বাচনী ৰণকৌশলৰ ওচৰত নিস্তেজ হৈ পৰিছে ।  বিৰোধীৰ নিস্ক্ৰিয়তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে এইবাৰ বিজেপিয়ে । লাখ লাখ হিতাধীকাৰী সৃষ্টি কৰাতে ক্ষান্ত নাথাকি প্ৰতিটো সমষ্টিতে শাসকীয় পক্ষই সাংগঠনিক ভেটি সুদৃঢ় কৰাতো সমানে গুৰুত্ব প্ৰদান কৰিছে ,তাৰ ফলস্বৰূপেই সমষ্টিয়ে সমষ্টিয়ে উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামোৱালৰ নেতৃত্বত ইখনৰ পিছত সিখন সাংগঠনিক সভা অনুষ্ঠিত কৰিছে । আজি মাজুলীৰ খনামুখত বিজেপিৰ এখন সাংগঠনিক সভা পাতি জামোৱালে আগন্তুক নিৰ্বাচনৰ ৰণনীতিৰ বাখ্যা আগবঢ়াই মন্তব্য কৰে এনেদৰে ” কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে যাৰ ফলস্বৰূপে অসমৰ ৰাস্তা ঘাটৰ সামগ্ৰিক উন্নয়নৰ লগতে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আজিৰ অসমে ভাৰতৰ অন্যান্য আগশাৰীৰ ৰাজ্যবোৰৰ লগত একে শাৰীতে খোজ মিলাব পৰা হৈছে ।

সৰ্বানন্দ সোণোৱালৰ দৃঢ় আৰু সবল নেতৃত্বত কংগ্ৰেছৰ দিনত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে পোত খাই থকা অসমত আজি উন্নয়নৰ নতুন পথৰ সূচনা হৈছে ।” ১৫ খন চিকিৎসা মহাবিদ্যালয়, আইন মহাবিদ্যালয় স্থাপন, মাজুলী – যোৰহাট সংযোগী নতুন দলং নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলি উল্লেখ কৰি কয় যে ২১ হাজাৰ কিমি পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কেৱল অসমকহে ধন মোকলাই দিয়াৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়  ” আগন্তুক নিৰ্বাচনত অসমত বিজেপিৰ যি মিছন ১০০+ সেয়া নিশ্চিত । সকলো দিশতে কৰা উন্নয়ন আৰু দুৰ্নীতি মুক্ত অসম গঢ়াত লাভ কৰা সফলতাই হ’ব এইবাৰ নিৰ্বাচনৰ প্ৰধান ইচ্ছ্যু৷ ” উল্লেখযোগ্য যে মাজুলীৰ এই সাংগঠনিক সভাত উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামোৱালৰ লগতে অসমৰ সহযোগী প্ৰভাৰী পৱন শৰ্মাও উপস্থিত থাকে ।