দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Business  / Region  / প্ৰাক্তন শিক্ষকৰ প্ৰতিবাদত তোলপাৰ

প্ৰাক্তন শিক্ষকৰ প্ৰতিবাদত তোলপাৰ

শিক্ষক- আৰক্ষীৰ সংঘৰ্ষত ৮৭ জন আহত

আগৰতলা,২৮ জানুৱাৰী : পশ্চিম ত্ৰিপুৰা জিলাৰ দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে কালিৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৪৪ ধাৰা বলবৎ কৰিছে আগৰতলাত ৷ বিগত ৫২ দিন ধৰি ৰাজ্যখনৰ  ১০,৩২৩ জন শিক্ষকে অবিৰতভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে তেওঁলোকৰ স্থায়ী কৰ্মসংস্থাপন বিচাৰি আৰু আগন্তুক দিনত এই প্ৰতিবাদে অধিক ভয়ংকৰ ৰূপ ল’ব বুলি ভাবিয়েই এই ধাৰা বলবৎ কৰা হৈছে ৷ “আমাৰ ওচৰত থকা তথ্য অনুসৰি এই শিক্ষকসকলে যিকোনো সময়ত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে ৷ আমি তেওঁলোকক সেই স্থান এৰি যাবলৈ কৈছোঁ ৷ ইতিমধ্যে কিছুসংখ্যক গৈছে যদিও কিছুসংখ্যক আছেই ৷

ইতিমধ্যে ১৬৫ গৰাকীক আটক কৰা হৈছে”-এনেদৰে কয় দণ্ডাধীশগৰাকীয়ে ৷ পুৱা ৯-৩০ বজাত চাকৰি হেৰুওৱা প্ৰায় ‌৪০০ শিক্ষকে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ ঘৰৰ সন্মুখত সমৱেত হৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷ বেৰিকেড লগোৱা হৈছে কিন্তু তেওঁলোকে সেইবোৰলৈ ভ্ৰূক্ষেপ নোহোৱাকৈ প্ৰতিবাদ কৰিছে ৷ আমি তাৰপৰা আঁতৰাই পঠিয়াবলৈ পানী হিলৈ ,কন্দুৱা গেছ আদি ব্যৱহাৰ কৰিছোঁ যদিও তেওঁলোকে আৰক্ষীলৈ পাথৰ দলিয়াইছে ৷

তেওঁলোকে আনকি আৰক্ষীৰ গাড়ীও ভাঙিছে ৷ আমি সেয়ে মৃদু লাঠীচালনা কৰিবলৈ বাধ্য হ’লোঁ আৰু ৫৮ গৰাকী প্ৰতিবাদকাৰী আহত হয়”-এনেদৰে কয় দণ্ডাধীশগৰাকীয়ে৷চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৭০ গৰাকী প্ৰতিবাদী আৰু প্ৰায় ১৭ জন আৰক্ষীৰ লোক আহত হৈছে উক্ত লাঠীচালনাত ৷ “প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু আগন্তুক ৪৮ ঘণ্টালৈ ১৪৪ ধাৰা বলবৎ কৰা হৈছে”-শৈলেশ কুমাৰে কয় ৷