সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মাহমৰাই বিদায় দিব মহনক

মাহমৰাই বিদায় দিব মহনক

ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি মোহভংগ ঘটিছে মাহমৰাবাসীৰ

চৰাইদেউ, ২৮ জানুৱাৰী : অবিভক্ত শিৱসাগৰ জিলাৰ অন্তৰ্গত অন্যতম এটা বৃহৎ বিধানসভা সমষ্টি হ’ল মাহমৰা। দীৰ্ঘদিন কংগ্ৰেছৰ দখলত থকা মাহমৰা সমষ্টিক ২০১৬ চনত বিজেপি দলৰ হাতলৈ নিবলৈ সক্ষম হৈছিল যদিও এতিয়া সমষ্টিটোৰ ভোটাৰসকলৰ মোহভংগ ঘটিছে বিজেপি দলৰ প্ৰতি। উন্নয়নৰ দিশত অতিকৈ পিছপৰা কৃষি প্ৰধান মাহমৰা সমষ্টিৰ ৰাইজ এতিয়া বিতুষ্ট হৈছে শাসনাধিষ্ঠ দলৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ প্ৰতি।  ফলত জাতীয়তাবাদী শিবিৰৰ সমষ্টি বুলি বিবেচিত মাহমৰা সমষ্টিত পুনৰ জাতীয়তাবাদৰ ধ্বজ্জা উৰুৱালৈ এতিয়া ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে ঐতিহাসিক অসম আন্দোলনৰ পাছত গঠন হোৱা অগপ দলে কেইবা বছৰো নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল মাহমৰা সমষ্টি। পৰৱৰ্তী সময়ত কংগ্ৰেছ দলে সমষ্টি দখল কৰিছিল যদিও ২০১৬ চনত বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয়। কিন্তু পাঁচটা বছৰ অতিক্ৰম নৌহওঁতেই মোহভংগ ঘটিল মাহমৰা সমষ্টিবাসীৰ।

সমষ্টিটোৰ বাটপথৰ বিধ্বস্ত অৱস্থা, গৰাখহনীয়াকে ধৰি বহু সমস্যাৰে জৰ্জৰিত যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত এতিয়া অসম জাতীয় পৰিষদলৈ ঢাপলি মেলিছে। চৰাইদেউ জিলাৰ ১০৫ নং বিধানসভা সমষ্টিত পুনৰ জাতীয়তাবাদৰ ধ্বজ্জা উৰুৱাবলৈ উঠি পৰি লাগিছে জাতীয়তাবাদী শিবিৰৰ লোকসকল। শাসনাধিষ্ঠ বিজেপি দলক মাহমৰাৰ পৰা উৎখাত কৰিবলৈ নৱগঠিত অসম জাতীয় পৰিষদ, ৰাইজৰ দলে প্ৰতিদিনে অনুষ্ঠিত কৰিছে সভা। শেহতীয়াকৈ আজি অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ ১০৫ নং বিধানসভা সমষ্টি গঠন কৰি বিজেপিক উৎখাতৰ সংকল্প গ্ৰহণ কৰে সমষ্টিটোৰ যুৱকসকলে। মাহমৰা সমষ্টিৰ পানীবিল গোমোঠাৰ নৱজ্যোতি যুৱ সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন প্ৰতিনিধিত্বমূলক সভাৰ জৰিয়তে ১০৫ নং মাহমৰা সমষ্টিৰ জাতীয় যুৱ শক্তি গঠন কৰা হয়।

মাহমৰা সমষ্টিৰ ১৯ খন গাওঁ পঞ্চায়তৰ পাঁচ শতাধিক যুৱকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা সভাখনত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক বিশ্বজিৎ টিপমীয়া, ৰঞ্জন কোঁৱৰৰ লগতে বহু কেইগৰাকী নেতাৰ উপস্থিতিত সুনীল গগৈক সভাপতি, নিতুল মেচক সম্পাদক হিচাপে লৈ অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি গঠন কৰা হয়। আনহাতে আজিৰ সভাত উপস্থিত থাকি প্ৰাক্তন ছাত্ৰ নেতা তথা অজাপৰ নেতা বিপুল ফুকনে কয়, “বিজেপি চৰকাৰৰ প্ৰতি ৰাইজ আজি বিতুষ্ট হৈছে। সেয়ে জাকে জাকে যুৱকসকল জাতীয় পৰিষদলৈ ঢাপলি মেলিছে। সমষ্টি উন্নয়নত বিধায়ক তথা মন্ত্ৰী যোগেন মহন ব্যৰ্থ হৈছে ৰাইজে আগন্তুক নিৰ্বাচনত তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ৷”