বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / দিল্লীত বিস্ফোৰণ

দিল্লীত বিস্ফোৰণ

হতাহত নহ’লেও ঘটনাটো গুৰুত্বপূৰ্ণ

নতুন দিল্লী,২৯ জানুৱাৰী : দেশৰ ৰাজধানী চহৰ  দিল্লীৰ আব্দুল কালাম ৰ’ডত অৱস্থিত ইজৰাইলী দূতাবাসৰ সন্মুখত আজি সন্ধিয়া সংঘটিত হয় এক  বিস্ফোৰণ। এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই যদিও কেইবাখনো গাড়ীৰ ক্ষতিসাধন হয়। ইজৰাইলী দূতাবাসৰ সমীপৰ পদপথত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। 
এই বিস্ফোৰণক লৈ দিল্লী আৰক্ষীৰ বিশেষ দলে তদন্ত আৰম্ভ কৰিছে। অগ্নিনিৰ্বাপক বাহিনীৰ মতে, এই বিস্ফোৰণত চাৰি–পাঁচখন গাড়ীৰ আইনা ভাঙি গৈছে। উল্লেখযোগ্য যে গৃহমন্ত্ৰী অমিত শ্বাহে কালি দিল্লীৰ নিৰাপত্তা দিশটো পৰ্যালোচনা কৰি আৰক্ষী আয়ুক্তৰ লগত এক বৈঠকত মিলিত হৈছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱনৰ পৰা বিস্ফোৰণ সংঘটিত হোৱা স্থান প্ৰায় ৩০০ মিটাৰ দূৰত্বত অৱস্থিত ৷ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে টুইটত লিখিছে যে তেওঁ ইতিমধ্যে ইজৰাইলৰ বৈদেশিক মন্ত্ৰীৰ লগত কথা পাতিছে আৰু  নিৰাপত্তাৰ দিশটো কঠোৰভাবে পৰ্যবেক্ষণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷