বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নিজৰ ‘ঢোল’ নিজে বজালে মুখ্যমন্ত্ৰীয়ে

নিজৰ ‘ঢোল’ নিজে বজালে মুখ্যমন্ত্ৰীয়ে

গাওঁৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী

চৰাইদেউ, ২৯ জানুৱাৰী : “পূৰ্বতে অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰত অসমৰ বিষয়ে নেতিবাচক আলোচনা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰৰ মানুহে অসম মানে কেৱল হত্যা-হিংসাৰ ঠাই বুলি ভাবিছিল। কাৰণ সেই সময়ত অসমত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ দপদপনি চলিছিল। যাৰ ফলত অসমৰ মানুহে ৰাজ্যখনত হিংসা হত্যা শেষ হোৱাটো কামনা কৰিছিল যদিও পূৰ্বৰ চৰকাৰে অসমৰ মানুহৰ কথাক গুৰুত্ব দিয়া নাছিল। যাৰ ফলত বিজেপি দলক ৰাইজে আঁকোৱালি লৈ শাসনৰ গাদীত অধিষ্ঠিত কৰিলে ২০১৬ চনত”- এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  কয়, “বিজেপিৰ চৰকাৰ গঠন কৰাৰ পূৰ্বে দলে যিদৰে ৰাজ্যত শান্তি প্ৰতিষ্ঠাৰ বাবে যিদৰে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছে। বিজেপিৰ চৰকাৰ অহাৰ পাছত ৰাজ্যৰ প্ৰায়বোৰ উগ্ৰপন্থী সংগঠনে হিংসা পৰিহাৰ কৰি মূলসুঁতিলৈ ঘুৰি অহাই নহয় মাৰণাস্ত্ৰসমূহো জমা দিছে আৰক্ষীৰ ওচৰত। ইয়েই প্ৰমাণ কৰে চৰকাৰে জনহিতৈষী কামত গুৰুত্ব দিছে ৷ ” উল্লেখযোগ্য যে ২৮ আৰু ২৯ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত সম্পন্ন হয়।


প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাহিৰ কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্যমন্ত্ৰীৰ লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা,সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে আৰক্ষী কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।


ইফালে অসমৰ বিভিন্ন জিলাৰ পৰা অহা কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা ভাষণত চৰকাৰখনৰ গুণগৰিমা তথা বিভিন্ন আঁচনিৰ বিষয়ে  কৈ একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। গাওঁৰক্ষী সকলৰ সমস্যা সমাধানৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, উন্নত ফলাফল প্ৰদৰ্শন কৰা শ্ৰেষ্ঠ চক্ৰ সংগঠক আৰু শ্ৰেষ্ঠ গাঁওৰক্ষী বাহিনীক মুখ্যমন্ত্ৰীয়ে বঁটা প্ৰদান কৰি অভিনন্দন জনাই মুকলি সভাত। ইয়াৰোপৰি কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা দৰং জিলাৰ দলগাঁও থানাৰ অধীনস্থ বিলপাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰাক্তন সম্পাদক প্ৰয়াত ছাইদুল হকৰ পৰিয়ালবৰ্গক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা জনাই এককালীন সাহায্যও প্ৰদান কৰে।